গোৱালপাৰা, 3 মে’: সোমবাৰে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন সোনা উল্লাহৰ মুক্তিৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে দুয়োটা সংগঠনে ৷ ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্তেইনগৰাকীক বিনা চৰ্তে মুকলি কৰি দিয়াৰ লগতে, কোনো ভাৰতীয় নাগৰিকক হাৰাশাস্তি নকৰাকৈ শুদ্ধ এনআৰচি প্ৰস্তুত কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে ৷ ইয়াৰোপৰিও, এনআৰচি প্ৰস্তুতকৰণত চৰকাৰৰ হস্তক্ষেপ থকা বুলিও অভিযোগ উত্থাপন কৰে সংগঠন কেইটাই ৷
প্ৰতিবাদত উত্তাল গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয় - গোৱালপাৰা
ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন সোনা উল্লাহৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
গোৱালপাৰা, 3 মে’: সোমবাৰে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন সোনা উল্লাহৰ মুক্তিৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে দুয়োটা সংগঠনে ৷ ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্তেইনগৰাকীক বিনা চৰ্তে মুকলি কৰি দিয়াৰ লগতে, কোনো ভাৰতীয় নাগৰিকক হাৰাশাস্তি নকৰাকৈ শুদ্ধ এনআৰচি প্ৰস্তুত কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে ৷ ইয়াৰোপৰিও, এনআৰচি প্ৰস্তুতকৰণত চৰকাৰৰ হস্তক্ষেপ থকা বুলিও অভিযোগ উত্থাপন কৰে সংগঠন কেইটাই ৷
V O :- ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন ম: চানাউল্লাহ বৰ্তমান আবদ্ধ হৈ আছে গোৱালপাৰা ডিটেছন কেম্পত।বিদেশী গোচৰত তেওঁ আবদ্ধ হৈ আছে ডিটেনশ্বন কেম্পত।কাৰ্গিল যুদ্ধত গুলিবিদ্ধ হোৱা চনাউল্লাহ লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ পদক।শেহতীয়াকৈ ৰাজ্যখনৰ সীমান্ত আৰক্ষীত কৰ্মৰত এই গৰাকী চনাউল্লাহ বিদেশী গোচৰত ডিটেনশ্বন কেম্পত আবদ্ধ হোৱা ঘটনাকলৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।প্ৰতিক্ৰিয়া চলি থকা সময়তে সোমবাৰে গোৱালপাৰা জিলা ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ন কৰিলে অৱস্থান ধৰ্মঘট। বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয় চৌহদ।চনাউল্লাহক শীঘ্ৰে মুক্তি দিয়ক, সীমান্ত আৰক্ষীৰ ময়মতালি বন্ধ কৰক, ডি ভোটাৰ আৰু এনআৰচিৰ নামত সাধাৰণ লোকক হাৰাশাস্তি বন্ধ কৰা আৰু এনআৰচিত উপস্থিত নাথাকিলে একপক্ষীয় ৰায় দিয়াৰ দাবী কৰে সংগঠনদ্বয়ে।
গোৱালপাৰা ৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।