ETV Bharat / state

পাৰঘাটৰ নামত ৰাজ্যত ছিণ্ডিকেটৰাজঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি - উত্তৰ গুৱাহাটী

উত্তৰ গুৱাহাটীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পাচতে নিৰাপত্তাজনিত কাৰণত 2018 বৰ্ষৰ 7 ছেপ্তেম্বৰৰ পৰাই ৰাজ্যত বন্ধ হৈ আছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ পাৰঘাটসমূহ । কিন্তু পাৰঘাটসমূহ বন্ধ ৰখা দেখুৱালেও চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই এটা চক্ৰই নিৰ্বিবাদে চলাই গৈছে এনে পাৰঘাটসমূহ ।

পাৰঘাটৰ নামত ৰাজ্যত ছিণ্ডিকেটৰাজঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি
author img

By

Published : Apr 4, 2019, 2:18 PM IST

নগৰবেৰা,4 এপ্ৰিলঃ"ছিণ্ডিকেট বন্ধ কৰাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত আৰম্ভ হৈছে ন ন ছিণ্ডিকেট । 2018 চনৰ ছেপ্তেম্বৰ মাহৰ পৰা ৰাজ্যৰ পাৰঘাটসমূহ বন্ধ ৰখাত উক্ত পাৰঘাটসমূহৰ নামত চলিছে বৃহৎ ছিণ্ডিকেট । চৰকাৰী পৃষ্ঠপোষকতাত ছিণ্ডিকেট চলাৰ বাবেই কোটি কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে চৰকাৰে ।" এক সংবাদমেলৰ জৰিয়তে এই অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷

পাৰঘাটৰ নামত ৰাজ্যত ছিণ্ডিকেটৰাজঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

উল্লেখ্য যে,উত্তৰ গুৱাহাটীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পাচতে নিৰাপত্তাজনিত কাৰণত 2018 বৰ্ষৰ 7 ছেপ্তেম্বৰৰ পৰাই ৰাজ্যত বন্ধ হৈ আছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ পাৰঘাটসমূহ । কিন্তু পাৰঘাটসমূহ বন্ধ ৰখা দেখুৱালেও চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই এটা চক্ৰই নিৰ্বিবাদে চলাই গৈছে এনে পাৰঘাটসমূহ । সেয়েহে পাৰঘাটৰ নামত ৰাজ্যত ছিণ্ডিকেট আৰম্ভ কৰি দৈনন্দিন সংগ্ৰহ কৰা লাখ লাখ টকা জল পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰীৰে হৰণ-ভগন কৰি ইয়াৰ ভাগ দিছপুৰীয়া সকলেও লয় বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ যাৰ ফলত চৰকাৰে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে বুলি জনায় সন্থাটোৱে । আনহাতেএকমাত্ৰ ছিণ্ডিকেট চক্ৰটোক বৰ্তাই ৰখাৰ স্বাৰ্থতে আজি পৰ্যন্ত পাৰঘাটসমূহৰ নতুনকৈ ঠিকা আহ্বান কৰা হোৱা নাই বুলিও অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই ।

কেৱল এয়াই নহয়, ৰাজ্যত চলি থকা পাৰঘাটসমূহত প্ৰকৃত দূৰত্বৰ জোখ-মাখ নকৰাকৈ 1/2 কিলোমিটাৰৰ পাৰঘাটৰ দূৰত্ব 7/8 কিলোমিটাৰ দেখুৱাই নিজৰ ইচ্ছামতে যাত্ৰীৰ পৰা ধন আদায় কৰে বুলি উল্লেখ কৰি বৰপেটা জিলাৰ খোলাবান্ধা দঙৰা পাৰঘাটত এজন যাত্ৰীৰ পৰা 9 টকাৰ সলনি 20 টকা আৰু বাইক আৰোহীৰ পৰা 27 টকাৰ সলনি 40 টকা সংগ্ৰহ কৰা হয় বুলিও জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

ইপিনে পৰিবহন বিভাগৰ পাৰঘাটসমূহত যাত্ৰাৰ বাবে ন্যূনতম সা-সুবিধা নাই বুলি উল্লেখ কৰি জিৰণী চ'ৰা তথা খোৱা পানীৰ সুবিধাও উপলব্ধ নাই বুলি জনায় সন্থাটোৱে ৷ তাৰোপৰি চৰকাৰী নিৰ্দেশনাক অমান্য কৰি অতিৰিক্ত বোজা দি নাও চলাই থকা পাৰঘাটসমূহৰ প্ৰতি বিভাগটোৰ কোনো কাণসাৰ নাই বুলিও কয় সন্থাটোৱে । সেয়েহে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ পাৰঘাটসমূহত চলি থকা বৃহৎ ছিণ্ডিকেট বন্ধ কৰি পুনৰ ঠিকা আহ্বান কৰি সুস্থভাৱে চলাই ৰাজকোষৰ ক্ষতি ৰোধ কৰিবলৈ দাবী জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা শাখাই ।

Slug : Nagarbera = Syndicate at Ferry Service & Revenue Lose.vis+byte send FTP.04.04.19

Anchor :ছিণ্ডিকেট বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দিনত আৰম্ভ হৈছে ন ন ছিণ্ডিকেট। ২০১৮ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ৰাজ্যৰ পাৰঘাট সমুহ বন্ধ ৰখাত উক্ত পাৰঘাট সমুহৰ নামত চলিছে বৃহৎ ছিণ্ডিকেট। চৰকাৰী পৃষ্ঠপোষকতাত ছিণ্ডিকেট চলাৰ বাবেই কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে চৰকাৰে। এক সংবাদমেলৰ জৰিয়তে এই ভয়ংকৰ অভিযোগ আনিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। এই সন্দর্ভত চাওক আমাৰ এক ৰিপৰ্ট ।

V. O : ২০১৮ বৰ্ষৰ ৭ ছেপ্তেম্বৰৰ পৰাই ৰাজ্যত বন্ধ হৈ আছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ পাৰঘাট সমুহ । উত্তৰ গুৱাহাটীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পিছতে নিৰাপত্তা জনিত কাৰণত বন্ধ কৰি দিয়া হয় পাৰঘাট সমুহ। চৰকাৰৰ এই নিৰ্দেশনা কিমান কাৰ্যকৰী হল?? যাত্ৰী অথবা চৰকাৰৰ কিবা লাভ হলনে?? এই সন্দর্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক সংবাদমেল আয়োজন কৰি উত্থাপন কৰিলে ভয়ংকৰ অভিযোগ। শুনক কি কৈছে.... । ২০১৮ বৰ্ষৰ ছেপ্তম্বৰ মাহৰ পৰা চৰকাৰে পাৰঘাট সমুহ বন্ধ ৰখা দেখুৱালেও চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই এটা চক্ৰই নিৰ্বিবাদে চলাই গৈছে এনে পাৰঘাট সমুহ। পূৰ্বৰ একেখিনি লেচিয়েই চলাই আছে বন্ধ ঘোষনা পাৰঘাট সমুহ। ছাত্ৰ মুক্তিৰ অভিযোগ পাৰঘাট সমুহ বন্ধ ৰাখি নতুন ছিণ্ডিকেটৰ জন্ম দিলে চৰকাৰে। পাৰঘাট সমুহত দৈনন্দিন সংগ্ৰহ কৰা লাখ লাখ টকা জল পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰীৰে হৰণ ভোগন কৰাই ইয়াৰ ভাগ দিছপুৰীয়া সকলেও। অৰ্থাৎ পাৰঘাটৰ নামতো ৰাজ্যত আৰম্ভ হল ছিণ্ডিকেট!!

V. O : একমাত্ৰ ছিণ্ডিকেট চক্ৰটোক বৰ্তাই ৰখাৰ স্বাৰ্থতে আজিৰ তাৰিখ পৰ্যন্ত পাৰঘাট সমুহৰ নতুনকৈ Tender আহ্বান কৰা হোৱা নাই । অথচ প্ৰত্যেক দিনাই পাৰঘাট সমুহত যাত্ৰীৰ পৰা সংগ্ৰহ কৰা হৈছে লাখ লাখ টকা। কিন্তু এপইচাও জমা হোৱা নাই ৰাজকোষত। যাত্ৰীৰ পৰা দৈনিক সংগ্ৰহ কৰা লাখ লাখ টকা হৰণ ভোগন হৈছে লেচী দালাল আৰু বিষয়া কৰ্মচাৰীৰ মাজত। এনে অৱস্থাত চৰকাৰে হেৰুৱাইছে কোটি কোটি টকাৰ ৰাজহ। 

V. O : ছিণ্ডিকেট চক্ৰটোক সহযোগীতা কৰাৰ বাবেই আভ্যন্তৰীন জল পৰিবহন বিভাগৰ কাৰ্যালয়ত গোপনে চলোৱা হৈছে আন এক ভয়ংকৰ কৰ্মকাণ্ড । ৰাজ্যত চলি থকা পাৰঘাটৰ সমুহৰ প্ৰকৃত দূৰত্ব জোখ মাখ নকৰাকৈ ১/২ কিলোমিটাৰৰ পাৰঘাটৰ দূৰত্ব ৭/৮ কিলোমিটাৰ দেখুৱাই যাত্ৰীৰ পৰা লুটিছে অতিৰিক্ত ধন। যি ধনৰ ভাগ পায় বিষয়া কৰ্মচাৰী সকলেও। তাৰোপৰি নিজৰ মৰ্জি মতেও যাত্ৰীৰ পৰা দাবী ধমকিৰে আদায় কৰিছে অতিৰিক্ত ধন। বৰপেটা জিলাৰ খোলাবান্ধা দঙৰা পাৰঘাটত এজন যাত্ৰীৰ পৰা ৯ টকাৰ সলনি সংগ্ৰহ কৰা হৈছে ২০ টকা আৰু বাইক আৰোহীৰ পৰা ২৭ টকাৰ সলনি সংগ্ৰহ কৰা হৈছে ৪০ টকা। 

V. O : ইপিনে পৰিবহন বিভাগৰ পাৰঘাট সমুহত যাত্ৰাৰ বাবে নাই ন্যূনতম সা সুবিধা। পাৰঘাট সমুহত নাই জিৰনী চৰা নতুবা খোৱা পানীৰ সুবিধা। তাৰোপৰি চৰকাৰী নিৰ্দেশনাক অমান্য কৰি অতিৰিক্ত বোজাই দি ভয়ংকৰ ভাৱে চলাই থকা পাৰঘাট সমুহ। অথচ এই সকলোবোৰ চাই থাকে বিভাগটোৰ বিষয়া কৰ্মচাৰী সকল । 

V. O : আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ পাৰঘাট সমুহত চলি থকা বৃহৎ ছিণ্ডিকেট বন্ধ কৰি পাৰঘাট সমুহ পুনৰ Tender আহ্বান কৰি সুস্থ ভাৱে চলাই ৰাজকোষৰ ক্ষতি ৰোধ কৰিবলৈ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা শাখাই। এতিয়া প্ৰশ্ন হয়, চৰকাৰে শুনিবনে এই আহ্বান?? নে পাৰঘাট সমুহত চলা এই ছিণ্ডিকেটক অধিক উৎসাহ দি যাত্ৰীৰ হাৰাশাস্তি অব্যাহত ৰাখিব???                                 
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.