গোৱালপাৰা, 7 অক্টোবৰ : দুৰ্গোৎসৱৰ মহা অষ্টমীৰ পূজাৰ আনন্দৰ মাজতে নিশা দুধনৈত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা । ঘটনাৰ বিৱৰণী অনুসৰি, মাটিয়াৰ কাৰিপাৰাৰ পৰা এল্ট' গাড়ীৰে পূজা চাবলৈ গৈছিল এটা পৰিয়ালৰ পাঁচজনকৈ সদস্যই ৷ পূজা চাই বনবাসীত থকা আলহীৰ ঘৰৰ পৰা উভতাৰ অহাত পথত দুধনৈ নদীৰ দলঙৰ ঠিক কাষতে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি পৰে গাড়ীখন ৷ এই ভয়ংকৰ দুৰ্ঘটনাত গাড়ীখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰাৰ লগতে থিতাতে নিহত হয় একেটা পৰিয়ালৰে চাৰিজনকৈ লোক ৷
ঘটনা সংঘটিত হোৱাৰ পাছতে প্ৰত্যক্ষদৰ্শীয়ে উদ্ধাৰ কাৰ্যত নামি পৰে আৰু দুধনৈ আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত ক্ৰেনৰ জৰিয়তে সকলোকে উদ্ধাৰ কৰি দুৰ্ঘটনাত আহতসকলক দুধনৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু, চিকিৎসালয়ত চাৰিজন লোকক মৃত ঘোষণা কৰাৰ লগতে এজনক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয় ৷ এই ঘটনাত নিহতসকল হৈছে- ৰত্না নাথ (45), মৃন্ময় নাথ (10), বৰষা নাথ (16) আৰু কাশ্মিৰী নাথ (12) ৷ আনহাতে, গুৰুতৰভাৱে আহত হৈছে ৰোহিনী নাথ (45) ৷ আশ্বৰ্যজনকভাবে, চালক অৰূপ দাস কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে ৷ উল্লেখ্য যে, অত্যাধিক সুৰাপান কৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷