ETV Bharat / state

আছে খুটা, নাই সংযোগঃ উৎকট গৰমতো নজ্বলে লাইট, নুঘুৰে পাংখা

author img

By

Published : Aug 19, 2019, 6:53 PM IST

বৈদ্যুতিক মিটাৰৰ নামত এহাজাৰ কৈ টকা সংগ্ৰহৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে । গাঁওখনত বৈদ্যুতিক খুটা পুতি যেন দায়িত্ব সামৰিলে ঠিকাদাৰে ৷ হাতে হাতে মিটাৰ লৈ প্ৰতিবাদ ৰাইজৰ

বিদ্যুৎ সংযোগৰ দাবীত গোৱালপাৰাত প্ৰতিবাদ

পশ্চিম গোৱালপাৰা, 19 আগষ্ট : পশ্চিম গোৱালপাৰাত ৰাইজৰ প্ৰতিবাদ ৷ বিদ্যুৎ সংযোগৰ দাবীত এই প্ৰতিবাদ চেংপাতা গাঁৱৰ ৰাইজৰ ৷ সৌভাগ্য আঁচনিৰ নামত ৰাইজক প্ৰতাৰণাৰ অভিযোগ । একোটা বৈদ্যুতিক মিটাৰৰ নামত এহাজাৰ কৈ টকা সংগ্ৰহৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে । উৎকট গৰমৰ সময়তো এই গাঁওখনৰ ৰাইজে আজিলৈ বৈদ্যুতিক সংযোগ লাভ কৰিবলৈ সক্ষম নহ’ল । সৌভাগ্য আঁচনিৰ জৰিয়তে ভাবিছিল এইবাৰ অন্ততঃ বিজুলীৰ পোহৰ পাব । বহু আশা কৰি বৈদ্যুতিক মিটাৰ লৈছিল । ঠিকাদাৰ তথা কোম্পানীয়ে কাম আৰম্ভও কৰিছিল । কিন্তু গাঁওখনত বৈদ্যুতিক খুটা পুতি যেন দায়িত্ব সামৰিলে । ঠিকাদাৰে নিয়োগ কৰা ৰফিকুল নামৰ লোকজনে একোটা মিটাৰৰ বাবদ সংগ্ৰহ কৰিলে এহাজাৰ কৈ টকা । এই অভিযোগ স্থানীয় ৰাইজৰ ৷ সেয়েহে স্থানীয় ৰাইজে চেংপাতাৰ ৰাজপথত ওলাই আহি হাতে হাতে মিটাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

Intro:পশ্চিম গোৱালপাৰা : ১৯ আগষ্ট : সৌভাগ্য আঁচনিৰ নামত ৰাইজক চূড়ান্ত প্ৰতাৰণা। একোটা বৈদ্যুতিক মিটাৰৰ নামত এহাজাৰ কৈ টকা সংগ্ৰহ ঠিকাদাৰৰ।বিগত ডেৰটা বছৰে বৈদ্যুতিক সংযোগৰ নামত ভেকোভাওনা ঠিকাদাৰৰ।ফলত ৰাজপথত স্থানীয় ৰাইজ।Body: পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ বৈদ্যুতিক সংমণ্ডলৰ অধীনস্থ চেংপাতা গাঁৱৰ ৰাইজে আজিও নাপালে বৈদ্যুতিক সংযোগ। কংগ্ৰেছৰ শাসন কালৰ ৰাজীৱ গান্ধী বৈদ্যুতিক আঁচনিয়ে ঢুকি নাপালে এই খন দুখীয়া গাঁৱৰ ৰাইজক। পিছত পৰিবৰ্তনৰ ঢোল বজাই ৰাজ আসনত বহা সৰ্বানন্দ সোনোৱালৰ চৰকাৰ খনেও যেন ৰাম ঠগন দিলে। উৎকট গৰমৰ সময়তো এই গাঁও খনৰ ৰাইজে আজিলৈ বৈদ্যুতিক সংযোগ লাভ কৰিবলৈ সক্ষম নহল। সৌভাগ্য আঁচনিৰ জৰিয়তে ভাবিছিল এইবাৰ অন্ততঃ বিজুলীৰ পোহৰ পাব।বহু আশা কৰি বৈদ্যুতিক মিটাৰ লৈছিল। ঠিকাদাৰ তথা কোম্পানীয়ে কাম আৰম্ভও কৰিছিল।কিন্তু গাঁও খনত বৈদ্যুতিক খুটা পুতি যেন দায়িত্ব সামৰিলে। আজিলৈ নিদিলে সংযোগ। এনেকি ঠিকাদাৰে নিয়োগ কৰা ৰফিকুল নামৰ লোকজনে একোটা মিটাৰৰ বাবদ সংগ্ৰহ কৰিলে এহাজাৰ কৈ টকা। যিটো মিটাৰ বিনামূল্যে ৰাইজক যোগান ধৰিব লাগে তাৰ পৰাও সংগ্ৰহ কৰিলে ধন। এক প্ৰকাৰ ধন ঘটাৰ আঁচনিত পৰিণত হৈছে বিনামূলীয়া সৌভাগ্য আঁচনি খন। কাজেই আজি স্থানীয় ৰাইজে চেংপাতাৰ ৰাজপথত ওলাই আহি হাতে হাতে মিটাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে।সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় ৰাইজে ইয়াৰ উচিত পদক্ষেপ লোৱাৰ বাবে বৰ্তমানৰ চৰকাৰ খনক আহ্বান জনাইছে।

Conclusion:বেদীশ নাথ
পশ্চিম গোৱালপাৰা ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.