ETV Bharat / state

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিঃ গোৱালপাৰাত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

author img

By

Published : Jul 3, 2020, 2:23 PM IST

শুকুৰবাৰে গোৱালপাৰাৰ লক্ষীপুৰত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে আম আদমী পাৰ্টীৰ সদস্য সকলে ৷

protest against price hike of petrol-diesel in goalpara by aam admi party

গোৱালপাৰা, 3 জুলাইঃ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে গোৱালপাৰাৰ লক্ষীপুৰত প্ৰতিবাদ সাব্যস্ত কৰিলে আম আদমী পাৰ্টীৰ সদস্য সকলে ৷ লক্ষীপুৰ ৰাজহুৱা খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷ বিগত 6 বছৰত 12 বাৰ বৃদ্ধি হোৱা এই মূল্যবৃদ্ধিৰ দ্বাৰা চৰকাৰে ৰাইজক মাধমাৰ শোধাইছে বুলি উল্লেখ কৰে আম আদমী পাৰ্টী,জলেশ্বৰ সমষ্টিৰ সমন্বয়ক জাকিৰ হুছেইনে ৷

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিঃ গোৱালপাৰাত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

তেওঁ কয়, পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি হোৱাৰ লগে লগে আন আন সামগ্ৰী সমূহৰো মূল্য তেনেই বৃদ্ধি পায় ৷ কিয়নো সামগ্ৰী কঢ়িয়াই অনা মূল্যৰ ভিত্তিত নিৰ্ধাৰণ হয় সামগ্ৰীৰ বজাৰ মূল্য ৷ গতিকে এই ক্ষেত্ৰত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে সাধাৰণ লোকক বিশেষভাৱে মাধমাৰ শোধাইছে বুলি উল্লেখ কৰে আম আদমী পাৰ্টীৰ সমন্বয়ক গৰাকীয়ে ৷

লগতে পঢ়কঃ কৰিমগঞ্জত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.