গোৱাল পাৰা, 3 জুলাইঃ গোৱালপাৰা লক্ষীপুৰত আম আদমি পাৰ্টীয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ । আম আদমী পাৰ্টীৰ জলেশ্বৰ সমষ্টি কমিটিৰ সমন্বয়ক জাকিৰ হুছাইনৰ নেতৃত্বত পাৰ্টীৰ কৰ্মী সকলে হাতে হাতে বেনাৰ প্লে' কাৰ্ড আদি লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে । অসম চৰকাৰ হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, আদি বিভিন্ন শ্লোগানেৰে ক্ষন্তেক সময়ৰ বাবে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।
বিগত দিনকেইটাত ধাৰাবাহিকভাৱে পেট্ৰ'ল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ নাগৰিক।
উল্লেখ্য যে, দেশত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা লক ডাউনৰ ফলত অৰ্থনীতি তচনচ হৈ পৰিছিল । বন্ধ হৈ পৰিছিল ৰাজহ সংগ্ৰহ । সেয়ে এই ঘাটি পূৰণত কিছু সকাহ পাবলৈ চৰকাৰে পেট্ৰ'ল- ডিজেল জাতীয় ইন্ধনৰ ক্ষেত্ৰত অধিক কৰ আৰোপৰ সিদ্ধান্ত লৈছিল । কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ বাবে সকলো সামগ্ৰীৰে পৰিবহন ব্যয় অধিক হৈ পৰে । যাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পালে ।
লগতে পঢ়ক : ছীল কৰা হ'ল নগাঁও আদালতঃ কনন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ