ETV Bharat / state

বাঁহ-কাঠৰ খুঁটা আৰু মকৰা জালৰ নিচিনা বিদ্যুতৰ তাঁৰ আঁতৰাব বিমল বৰাই - covid situation

শক্তি বিভাগ নহয়,ক'ভিড পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে গোৱালপাৰাত উপস্থিত হৈছে শক্তিমন্ত্ৰী বিমল বৰা ৷ তিনিদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ বিয়লি গোৱালপাৰাত উপস্থিত হয় মন্ত্ৰী গৰাকী ৷

power-minister-reached-in-goalpara-to-observe-the-covid-situation
গোৱালপাৰাত উপস্থিত শক্তি মন্ত্ৰী বিমল বৰা
author img

By

Published : Jul 9, 2021, 9:46 PM IST

গোৱালপাৰা, 9 জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এজন দায়িত্বশীল মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা ধাৰাবাহিকভাৱে সক্ৰিয় অৱস্থাত দেখা পোৱা গৈছে মন্ত্ৰী বিমল বৰাক ৷ ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিৱেশৰ মাজতে শক্তি বিভাগটোত সততে দেখা পোৱা বিসংগতি সমূহ এফালৰ পৰা দূৰ কৰিবলৈ উঠি-পৰি লাগিছে মন্ত্ৰী গৰাকী ৷ বিগত দুমহীয়া কাৰ্যকালত প্ৰায় প্ৰতিখন জিলাতে উপস্থিত হৈ বিভাগটোত সংঘটিত হৈ থকা অনিয়ম সমূহৰ বিৰুদ্ধে সৰৱ হৈছে মন্ত্ৰী বিমল বৰা ৷ ইয়াৰ মাজতে ক'ভিড পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে গোৱালপাৰাত উপস্থিত হৈছে শক্তি মন্ত্ৰী বিমল বৰা ৷

তিনিদিনীয়া কৰ্মসূচী হাতত লৈ বৃহস্পতিবাৰৰ বিয়লি গোৱালপাৰাত উপস্থিত হয় মন্ত্ৰী বিমল বৰা ৷ ইয়াৰ পাছতে জিলাখনৰ মৰনৈ আৰু মাটিয়া খণ্ড প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হৈ ক'ভিড পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷ মৰনৈ খণ্ড প্ৰাথমিক চিকিৎসালয় পৰিদৰ্শন কৰি অঞ্চলটোৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে মন্ত্ৰী বৰাই ৷ ক'ভিড সংক্ৰমণ উদ্বেগজনক ভাৱে বৃদ্ধি পোৱাত ৰাইজক সজাগ হোৱাৰ আহ্বান জনোৱাৰ লগতে কন্টেইনমেন্ট জ'নৰ নীতি নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ আৰক্ষীক নিৰ্দেশ দিয়ে ৷

গোৱালপাৰাত উপস্থিত শক্তি মন্ত্ৰী বিমল বৰা

ইফালে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকে চুৰি কৰি বিদ্যুৎ ব্যৱহাৰ কৰাটো দৃষ্টি গোচৰ হোৱা বুলি উল্লেখ কৰি এই অসৎ কার্যৰ পৰা তেনে লোকক বিৰত থাকিবলৈ আহ্বান জনায় মন্ত্ৰী বিমল বৰাই ৷ তদুপৰি বাঁহ-কাঠৰ খুটি আৰু মকৰা জালৰ নিচিনা বিদ্যুৎ তাঁৰৰ ক্ষেত্ৰতো ব্যৱস্থা ল'ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ বিদ্যুৎ চুৰি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছে শক্তি মন্ত্ৰী বিমল বৰাক ৷ লগতে বিভাগটোত কৰ্মৰত প্ৰতিগৰাকী কৰ্মচাৰীকে নিজৰ কাম সূচাৰূপে কৰাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল মন্ত্ৰী গৰাকীয়ে ৷ বিদ্যুৎ চুৰি কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি দিয়াৰ সমান্তৰালকৈ ইয়াক হাতে-কামে ব্যৱহাৰ কৰা দেখা পোৱা গৈছে ৷

লগতে পঢ়কঃ এসময়ৰ ৰঞ্জী ক্ৰিকেটৰ দুৰ্দান্ত বলাৰ এতিয়া ফুটপাথৰ চাহ দোকানী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.