ETV Bharat / state

গোৱালপাৰাৰ খৰমুজা উন্নয়ন খণ্ডৰ কৰ্ম-সংস্কৃতিৰ নমুনা : দিনৰ 11 বজাতো কাৰ্যালয়ত উপস্থিত নহয় কৰ্মচাৰী - খৰমুজা উন্নয়ন খণ্ড  গোৱালপাৰা

গোৱালপাৰাৰ খৰমুজা উন্নয়ন খণ্ডত কৰ্ম-সংস্কৃতিৰ নামত প্ৰহসন ৷ দিনৰ 11 বজাতো কাৰ্যালয়ত উপস্থিত নহয় কৰ্মচাৰী৷ এই কাৰ্যালয়টোলৈ গাঁঠিৰ ধন ভাঙি অহা সাধাৰণ ৰাইজে বিষয়া কৰ্মচাৰীক বিচাৰি প্ৰায়ে হাহাকাৰ কৰিব লগা হয় ৷

গোৱালপাৰাৰ খৰমুজা উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনা
author img

By

Published : Aug 22, 2019, 3:31 PM IST

গোৱালপাৰা, 22 আগষ্টঃ ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহৰ বিষয়া-কৰ্মচাৰীসকলে নিজৰ সঠিক দায়িত্ব পালন কৰাৰ পৰা আতৰি থাকি চৰকাৰক বিভিন্ন পদ্ধতিৰ ফাকিৰে দৰমহা হিচাপে অতি সহজে কেৱল চৰকাৰী ধন গ্ৰহণ কৰি আহিছে তাৰে এক দৃষ্টান্ত উদাহৰণ গোৱালপাৰাৰ খৰমুজা উন্নয়ন খণ্ড ৷

গোৱালপাৰাৰ খৰমুজা উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনা

চৰকাৰী সময় মতে 9 বজাত সকলো চৰকাৰী কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত হোৱাৰ নিয়ম যদিও এঘাৰ বাজি পাৰ হৈ গ'লেও কাৰ্যালয়ত উপস্থিত নহয় এজনো বিষয়া কৰ্মচাৰী ৷ অভিযোগ অনুসৰি এই কাৰ্যালয়টোলৈ গাঁঠিৰ ধন ভাঙি অহা সাধাৰণ ৰাইজে বিষয়া কৰ্মচাৰীক বিচাৰি প্ৰায়ে হাহাকাৰ কৰিব লগা হয় ৷

তথ্যানুসৰি, এগৰাকী নিম্নবৰ্গৰ সহায়কে গুৱাহাটীৰ পৰা আহি মাজে মাজে উপস্থিত হয় কাৰ্যালয়টোত ৷ এতিয়া সাধাৰণ ৰাইজে এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ৷ গতিকে নিজৰ দায়িত্ব আৰু কৰ্তব্যক ফাকি দি অতি সহজে চৰকাৰী দৰমহা লাভ কৰি থকা এনে কৰ্মচাৰীসকলৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব৷

Anchor:- অসম চৰকাৰৰ কৰ্ম সংস্কৃত ৰ নামত গোৱালপাৰাত চলিছে চুড়ান্ত ভেকোভাওনা।এই ভেকোৱাওনাৰ দৃশ্য বন্দী হল Etv ভাৰত অসমৰ কেমেৰাত।এয়া চাওক কি দৰে খালী হৈ আছে বিষয়া কৰ্মচাৰীৰ চকী-মেজ ঘূৰি আছে ফেন, লাইট।এই দৃশ্য গোৱালপাৰা জিলাৰ খৰমুজা উন্নয়ন খণ্ড কাৰ্যলৰ।ভিন্ন কামত ভিন্ন গাঁও পঞ্চায়তৰ পৰা এই কাৰ্য্যালয়টো লৈ গাঁঠিৰ ধন ভাঙি অহা সাধাৰণ ৰাইজে বিষয়া কৰ্মচাৰিক বিচাৰি কৰিবলগা হৈছে তাতবাটি।এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু নিম্নবৰ্গৰ সহায়কৰ বাহিৰে কাৰ্যালয়টোত নাই এজনো কৰ্মচাৰী।এগৰাকী নিম্নবৰ্গৰ সহায়কে হেনো গুৱাহাটীৰ পৰা ধুমকেতুৰ দৰে উপস্হিত হয় কাৰ্যালয়ত।এনেদৰে চলিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল চৰকাৰ খনৰ কৰ্মসংস্কৃতি।দিনৰ এঘাৰ বজালৈ খৰমুজা উন্নয়ন খণ্ড কাৰ্যালয়টোত নাথাকে এজনো কৰ্মচাৰী। কেনেদৰে চলিছে, এই সন্দৰ্ভত আমাৰ গোৱালপাৰাৰ সাংবাদিক জাহিদুল ইছলামৰ এক প্ৰতিবেদন।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.