ETV Bharat / state

2 years of HBS govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত গোৱালপাৰাবাসী ৰাইজৰ মতামত

author img

By

Published : May 11, 2023, 7:57 PM IST

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া কাৰ্যকালক লৈ ৰাইজ কিমান সুখী ? কি কয় সাধাৰণ ৰাইজে (2 years of HBS govt) ?

2 years of HBS govt
2 years of HBS govt
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত গোৱালপাৰাবাসী ৰাইজৰ মতামত

গোৱালপাৰা, 11 মে’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ দুবছৰ কাৰ্যকালত সম্পূৰ্ণৰূপে বিফল ৷ এই চৰকাৰ প্ৰতাৰক আৰু প্ৰৱঞ্চনাৰ চৰকাৰ ৷ এই অভিযোগ আমাৰ নহয়, এই অভিযোগ সাধাৰণ ৰাইজৰ (2 years of HBS govt) ৷

ইতিমধ্যেই অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুটা বছৰৰ কাৰ্যকাল সম্পূৰ্ণ হৈছে ৷ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অতি ব্যয়বহুলভাৱে আয়োজন কৰা হৈছে বিভিন্ন চৰকাৰী কাৰ্যসূচী ৷ এই দুবছৰীয়া কাৰ্যকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে প্ৰকৃতাৰ্থত কিমান সফল বা বিফল হৈছে সেই সন্দৰ্ভত ইটিভি ভাৰতে মতামত গ্ৰহণ কৰিছিল গোৱালপাৰাবাসী ৰাইজৰ (ETV Bharat opinion) ৷ ৰাইজে কয় যে, এই চৰকাৰ এখন সম্পূৰ্ণৰূপে বিফল চৰকাৰ ৷

লগতে ৰাইজে কয়, এই বিজেপি চৰকাৰৰ কাৰ্যকাল দুবছৰীয়া নহয় সাতবছৰীয়াহে ৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ খাটি খোৱা ৰাইজক ৷ কেৱল মূল্যবৃদ্ধিয়েই নহয়, এই চৰকাৰখনে উন্নয়নৰ নামত কেৱল হিন্দু-মুছলমানহে কৰি আছে (Price hike in Assam) ৷

অৱশ্যে একাংশ ৰাইজৰ মতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতকৈ কিছু ভাল কাম কৰিছে হিমন্ত বিশ্ব চৰকাৰে ৷ কিন্তু চৰকাৰ গঠন কৰাৰ সময়ত ৰাইজক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱা বুলিও উল্লেখ কৰে কিছু সংখ্যক ৰাইজে ৷ ভূমি পূজা, নদী পূজা আদিৰ দ্বাৰা অসমৰ ৰাইজক মূল সমস্যাৰ পৰা চৰকাৰখনে আঁতৰাই ৰখা বুলিও অভিযোগ উত্থাপন কৰে (Assam HBS govt) ৷

উল্লখ্য যে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া কাৰ্যকাল উপলক্ষে চৰকাৰখনৰ কাম-কাজৰ খতিয়ান গ্ৰহণ কৰিবলৈ ৰাজ্য বিভিন্ন প্ৰান্তৰ লোকসকলৰ পৰা মতামত গ্ৰহণ কৰিছে ৷ এই ক্ষেত্ৰত ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ একাংশ লোকে চৰকাৰখনক সফল বুলি ক’লেও আন একাংশৰ মতে চৰকাৰখন সম্পূৰ্ণৰূপে বিফল হৈছে (Remarks of Himanta Biswa govt) ৷

লগতে পঢ়ক: Congress slams BJP: দুবছৰীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.