গোৱালপাৰা, ২৬ এপ্ৰিলঃ বিগত ৫ মাহ ধৰি বিছনাত ছটফটাই থাকিবলগীয়া হৈছে গোৱালপাৰা জিলাৰ বাকাইটাৰী গুনিয়ালগুৰীৰ এগৰাকী ব্যক্তিয়ে ৷ মাটিয়াৰ নিকটৱর্তী গুনিয়ালগুৰীৰ স্বাধনা নাথৰ স্বামী জগবন্ধু নাথে চিকিৎসাৰ অভাৱত বিগত কেইবামাহ ধৰি বিছনাতে ছটফটাই আছে ৷ গুনিয়ালগুৰীৰ জগবন্ধু নাথে কেইবামাহ পূর্বে আনৰ ঘৰত কাম কৰি থকা অৱস্থাত হঠাৎ কান্ধত আঘাত পাইছিল ৷ পিছত দিন যোৱাৰ লগে লগে তিব্ৰ মূৰৰ বিষত আক্ৰান্ত হয় জগবন্ধু নাথ ।
ব্যক্তিগৰাকীক ততাতৈয়াকৈ পৰিয়ালৰ লোকে মাটিয়া আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও তাত চিকিৎসকে ব্ৰেইন টিউমাৰ হোৱাটো নিশ্চিত কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামর্শ দিয়ে ৷
চিকিৎসকৰ পৰামর্শ অনুসৰি আৰ্থিকভাৱে পিছপৰা পৰিয়ালটোৱে প্রথমে গুৱাহাটীস্থিত GNRC হাস্পতাললৈ নিয়ে কিন্তু ধনৰ অভাৱত চিকিৎসা আধাতে সামৰি ভুক্তভোগী পৰিয়ালে জগবন্ধু নাথক ঘৰলৈ লৈ আহে । ঘৰলৈ উভতাই অনাৰ পিছত দিকবিদিক হেৰুৱাই পেলাই দৰিদ্র পৰিয়ালটিয়ে ৷ কিয়নো দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া জগবন্ধুৱে আছিল পৰিয়ালটোৰ একমাত্র উপাৰ্জনকাৰী ৷
আনহাতে, প্রচণ্ড বিষত অনবৰতে চিঞৰি থকা ব্যক্তিগৰাকীৰ অৱস্থা দেখি পৰিয়ালৰ লগতে চকুপানী টুকিছে অঞ্চলবাসীয়ে ৷ জগবন্ধু নাথৰ চিকিৎসাৰ বাবে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সহায়ৰ লগতে সুহৃদয়বান অসমবাসী ৰাইজৰ সহায় প্ৰাৰ্থনা বিচাৰিছে এই দৰিদ্র পৰিয়ালটিয়ে ৷ কোনো লোকে এই ব্যক্তিগৰাকীক সহায়ৰ হাত আগবঢ়াব বিচাৰিলে তেওঁৰ স্ত্রী স্বাধনা নাথৰ 9957592479 নম্বৰত যোগাযোগ কৰাৰ লগতে স্থানীয় মাটিয়া শাখাত থকা ইউকো বেংকৰ একাউণ্ট নং 26473211012443 আৰু আইএফএছচি UCBA0002647 যোগে সহায় কৰিব পাৰে ৷