ETV Bharat / state

গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ - শ্ৰী সূৰ্য্য পাহাৰ

শ্ৰী সূৰ্য পাহাৰত কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু । ইতিমধ্যে ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰা সহকৰ্মীজন পলায়ন কৰে বুলি জানিবলৈ পোৱা গৈছে ৷

One Person Dead By Short Circuit in Goalpara
গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু
author img

By

Published : Aug 29, 2020, 6:13 PM IST

গোৱালপাৰা,29 আগষ্টঃ গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰত কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু । মৃত ব্যক্তি জনৰ নাম নিৰ্মল হাজং বুলি জানিব পৰা গৈছে ।

গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু

উল্লেখ্য যে, গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰত ভাৰতীয় পুৰাতত্ত্ব আৰু জৰীপ বিভাগে বিগত প্ৰায় ২ বছৰ ধৰি নিৰ্মান কৰি থকা শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ কামৰ সজুলি আনিবলৈ মিস্ত্ৰী নিৰ্মল হাজঙক চাদৰ ওপৰত উঠাই দিয়ে ৷ সেই সময়তে চাদৰ ওপৰত পৰি থকা বৈদ্যুতিক তাঁৰত স্পৰ্শ হৈ তীনকনীয়া গাঁৱৰ প্ৰায় ৬৩ বছৰীয়া নিৰ্মল হাজঙৰ মৃত্যু হয় ।

নিৰ্মল হাজঙৰ অঁকাল মৃত্যুত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালটোত ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল নিৰ্মল হাজং ৷ ইফালে লোকজনৰ মৃত্যুক ৰাইজে সহজভাৱে ল'ব পৰা নাই গাঁওবাসীয়ে ৷ কাৰণ বিদ্যুৎ বিভাগৰ হেমাহীৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় লোক আৰু শ্ৰীসূৰ্য্য পাহাৰ পৰিচালনা সমিতিয়ে ঘটনাটোৰ উচিত তদন্ত বিচাৰি দোষীক উপযুক্ত শাস্তি আৰু দুৰ্ভগীয়া পৰিয়ালটোক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ।

লগতে পঢ়ক- চাপৰমুখ ৰেল লাইনত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.