গোৱালপাৰা, 2 অক্টোবৰ : গোৱালপাৰা ৰাক্ষশিনী বনাঞ্চলৰ মটিয়া পাহাৰৰ সমীপৱৰ্তী খেতি পথাৰত এক বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ বনৰীয়া হাতীৰ পৰা খেতিপথাৰ সুৰক্ষিত কৰি ৰাখিবৰ বাবে বিদ্যুৎ সংযোগ কৰা তাঁৰত লাগি হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷
একাংশ লোকে দাবী কৰা অনুসৰি, খেতিত প্ৰদান কৰা বিষাক্ত কীটনাশক দ্ৰব্য সেৱনৰ ফলত হাতীটোৰ মৃত্যু হৈছে । মৃত হাতীটোৰ দাঁত আৰু শুৰৰ আগ অংশ কোনো দুৰ্বৃত্তই কাটি লৈ যোৱা বুলিও জানিব পৰা গৈছে ৷ আন একাংশ ৰাইজৰ অভিযোগ, দাঁত আৰু শুৰ কাটি নিয়াৰ আশাতে হাতীটোক বিদ্যুৎস্পৃষ্ট কৰি হত্যা কৰা হৈছে ৷
আনহাতে, পলমকৈ উপস্থিত হোৱাৰ বাবে বনবিভাগৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷