ETV Bharat / state

Goalpara civil hospital: গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নাৰ্ছৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 3:05 PM IST

চূড়ান্ত অৰাজকতাত চলিছে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত । এই চিকিৎসালয়ত প্ৰসূতিয়ে সন্তান প্ৰসৱ কৰিলে দিব লাগে ধন । দাবী কৰা ধন নিদিলে নাৰ্ছ আৰু চাফাই কৰ্মীয়ে ৰোগী আৰু ৰোগীৰ অভিভাৱকক দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে ৷

Nurse allegedly misbehaves with patients
ধোঁৱা চাঙত মুখ্যমন্ত্ৰীৰ শ্ল’গান

গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নাৰ্ছৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ

গোৱালপাৰা, 17 ছেপ্টেম্বৰ: ধোঁৱা চাঙত মুখ্যমন্ত্ৰীৰ শ্ল’গান ৷ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ চূড়ান্ত অৰাজকতা চলাৰ অভিযোগ উঠিছে গোৱালপাৰাৰ 200 বিচনাযুক্ত এই চিকিৎসালয়ত । চিকিৎসালয়খনৰ একাংশ চিকিৎসাকৰ্মীৰ বিৰুদ্ধে উঠিছে ৰোগী আৰু ৰোগীৰ অভিভাৱকৰ দুৰ্ব্যৱহাৰৰ অভিযোগ ।

ইফালে উন্মোচিত হৈছে চিকিৎসালয়খনৰ কদৰ্য পৰিৱেশ ৷ যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্যখণ্ডত উন্নয়ন হৈছে বুলি সভা সমিতিয়ে ঢাক-ঢোল বজাই থকা পৰিলক্ষিত হৈছে, তেনে সময়তে গোৱালপাৰা জিলাৰ একমাত্ৰ 200 খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়খনৰ পঁয়ালগা ছবিয়ে উদঙাইছে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ নমুনা ।

গোৱালপাৰা অসামৰিক চিকিৎসালয়খনলৈ নামনি অসমৰ ধুবুৰী, বৰপেটা, বঙাইগাঁও, কামৰূপ গ্ৰাম্য, চিৰাং জিলাৰ উপৰিও চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও ৰোগী আহে ৷ ইয়াৰে অধিকাংশ ৰোগী হৈছে দৰিদ্ৰ তথা অশিক্ষিত । দীৰ্ঘদিন ধৰি ইয়াৰে সুযোগ গ্ৰহণ কৰি আহিছে চিকিৎসালয়খনৰ প্ৰসূতি বিভাগৰ একাংশ নাৰ্ছ আৰু চাফাই কৰ্মীয়ে ৷

দৰিদ্ৰতাৰ সুযোগ লৈ সন্তান প্ৰসৱ কৰিবলৈ অহা ৰোগীৰ আত্মীয়ৰ পৰা ধন বিচাৰাৰ অভিযোগ একাংশ নাৰ্ছ আৰু চাফাই কৰ্মীৰ বিৰুদ্ধে ৷ আনকি দাবী কৰা ধন নিদিলে নাৰ্ছে দুৰ্ব্যৱহাৰ কৰা বুলিও অভিযোগ তুলিছে ৰোগীৰ আত্মীয়ই ৷ ইফালে চিকিৎসালয়খনত নাই এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৷ যাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰোগীৰ মাজত ।

পানীৰ অভাৱৰ লগতে জাৱৰে-জোঁথৰে এক অ-স্বাস্থ্যকৰ পৰিৱেশৰ মাজতে ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰিব লগাত পৰিছে ৷ উপায়ন্তৰ হৈ এতিয়া চিকিৎসালয়খনত চলি থকা এই দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে অঞ্চলটোৰ সচেতন লোকৰ লগতে ৰোগীৰ আত্মীয়ই ৷

আনকি চিকিৎসালয়খনত উপযুক্ত পানী ব্যৱস্থা কৰাৰ লগতে ৰোগীৰ কোঠাসমূহ চাফ-চিকুণ কৰি স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ প্ৰশাসন তথা চিকিৎসালয় কৰ্তৃপক্ষক দাবী জনাইছে ।

লগতে পঢ়ক : Kiren Rijiju in Arunachal: কৃষি তথা উদ্যান শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে উপগ্ৰহৰ তথ্য ব্যৱহাৰৰ প্ৰস্তাৱ অৰুণাচলৰ ৰাজ্যপালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.