ETV Bharat / state

গোৱালপাৰাত শহুৰেকক হত্যা কৰিলে জোৱায়েকে

author img

By

Published : Sep 26, 2020, 10:53 PM IST

শনিবাৰে গোৱালপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ মতানক্য়ৰ বাবে জোৱায়েকে হত্যা কৰিলে শহুৰেকক ৷ সম্প্ৰতি পলাতক অৱস্থাত আছে হত্য়াকাৰী জোৱায়েক ৷

Murder in Goalpara
গোৱালপাৰাত শহুৰেকক হত্যা কৰিলে জোৱায়েকে

গোৱালপাৰা, 26 ছেপ্তেম্বৰ: গোৱালপাৰাৰ লক্ষীপুৰৰ ৰাখালকিল্লাত শনিবাৰে সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা ৷ মফিজুল হক নামৰ এজন লোকে শহুৰ নাজিৰ হুছেইন (55)ক হত্যা কৰাৰ লগতে পেহী শাহুৱেক (35)কো হত্যাৰ চেষ্টা চলায় ৷ শহুৰেকৰ সৈতে চলি থকা মতানক্যৰ বাবে জোৱায়েকে শহুৰেকক হত্যা কৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷

কথমপি প্ৰাণ ৰক্ষা পৰা পেহী শাহুৱেক ইন্না খাতুনক সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

ইফালে, ঘটনাস্থলীত জিলা দণ্ডাধীশ তথা লক্ষীপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিপন জ্যোতি নাথৰ লগতে লক্ষীপুৰ, জলেশ্বৰ আৰু ধূমেৰঘাট আৰক্ষী উপস্থিত হৈ শহুৰেকৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ আনহাতে, হত্যাকাণ্ড সংঘটিত কৰি পলাতক অৱস্থাত আছে জোৱায়েক মফিজুল হক ৷

লগতে পঢ়ক: সোণোৱালে অসমীয়া জাতিক বিশ্বাস নকৰে:অদিপ কুমাৰ ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.