ETV Bharat / state

ট্ৰেংকুলাইজ হ'ল লাডেন : স্বস্তিৰ নিশ্বাস ৰাইজৰ - বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত লাডেনক কৰায়ত্ত কৰাৰ অভিযান আৰম্ভ । পদ্ম হাজৰিকাৰ হাতী (ৰামু)সহ 7 টা হাতীয়ে চলাইছে এই অভিযান ।

গোৱালপাৰাত ’’মিছন লাডেন’’
author img

By

Published : Nov 11, 2019, 12:55 PM IST

Updated : Nov 11, 2019, 1:49 PM IST

গোৱালপাৰা, 11 নৱেম্বৰ: গোৱালপাৰাৰ কানকাটা বনাঞ্চত আৰম্ভ লাডেনক বিচাৰি চলোৱা অভিযানৰ সফল সমাপ্তি । বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত লাডেনক কৰায়ত্ত কৰাৰ বাবে চলাইছিল অভিযান । অভিযানত পদ্ম হাজৰিকাৰ হাতী (ৰামু )সহ 7 টা হাতী আৰু গোৱালপাৰা জিলা বনবিভাগৰ বনকৰ্মীৰ সহযোগত অৱশেষত লাডেনক ট্ৰেংকুলাইজ কৰাত সফল হয় দলটো

ট্ৰেংকুলাইজ কৰা হ'ল লাডেনক

উল্লেখ্য যে, ‘‘লাডেন’’ নামৰ হাতীটোক সম্পূৰ্ণ বিজ্ঞানসন্মত ভাৱে ‘‘ট্ৰেংকুলাইজ’’ কৰি সেই ঠাইৰ পৰা স্থানান্তৰিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে গোৱালপাৰা জিলা প্ৰশাসনে । ইয়াৰ বাবে অভিজ্ঞ বন বিষয়া, চিকিৎসকক লৈ এখন উচ্চস্তৰীয় সমিতিও গঠন কৰি দিয়া হৈছিল ৷ গোৱালপাৰা জিলাত ত্ৰাসৰ সৃষ্টি কৰা লাডেন নামৰ হাতীটোক লৈ উদ্বিগ্ন হৈ পৰিছিল ৰাজধানী দিছপুৰ ৷

লগতে চাওক-কামাখ্যা ধামত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

ইতিমধ্যে লাডেনক কিদৰে বশ কৰিব পাৰি সেই বিষয়ে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই দিছপুৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত কৰিছিল এক জৰুৰী বৈঠক । ড্ৰোণ কেমেৰাৰে লাডেনৰ অৱস্থিতি নিৰূপণ কৰা হৈছিল ৷ কিন্তু 29 অক্টোবৰত লাডেনে এটা দিনতেই 5 জনকৈ লোকক হত্যা কৰাত সষ্টম হৈ পৰিছিল বনবিভাগৰ লগতে চৰকাৰ ৷ দীর্ঘদিন ধৰি গোৱালপাৰা জিলাৰ ৰংজুলী আৰু মাটিয়াৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই আহিছিল লাডেনে। বিগত ৫ বছৰত জিলা খনৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই এক ত্ৰাসৰ সৃষ্টি কৰিছে লাডেন নামৰ বন্যহস্তীটোৱে।

মিছন লাডেন

বিগত 5 বছৰত লাডেনে অৰ্ধ শতাধিক লোকৰ প্ৰাণ কাঢ়ি নিছে ৷ কিন্তু 29 অক্টোবৰত লাডেনে এদিনতে 5 জনকৈ লোকৰ প্ৰাণকাঢ়ি লোৱাত সষ্টম হৈ পৰিছিল বনবিভাগৰ লগতে চৰকাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাডেনক ট্রেংকুলাইজ কৰাৰ কাৰণে নিৰ্দেশ দিয়ে যদিও গোৱালপাৰাৰ বনবিভাগ লাডেনক ট্রেংকুলাইজ কৰাত ব্যৰ্থ হৈছিল । অৱশেষত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই লাডেন নামৰ বনৰীয়া হাতীটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় বনবিভাগৰ সহযোগত ৷

পদ্ম হাজৰিকাৰ নেতৃত্বত মিছন লাডেন
পদ্ম হাজৰিকাৰ নেতৃত্বত মিছন লাডেন

লগতে চাওক- মথুৰাত মুকলি দেশৰ প্ৰথমখন "হস্তী স্মাৰক উদ্যান"

Last Updated : Nov 11, 2019, 1:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.