ETV Bharat / state

গোৱালপাৰাত বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

ৰাজ্যৰ ভিন্নত প্ৰান্তৰ লেখিয়াকৈ বানে বিধস্ত কৰিছে গোৱালপাৰা চহৰক (Flood in Goalpara)৷ জিলাখনৰ কেইবাঠাইতো বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ যাৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা জিলাখনৰ ভিন্ন প্ৰান্তত বন্যাৰ্তৰ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে ৷ শনিবাৰে জিলাখনৰ বান পৰিস্থিতি বুজ লোৱাৰ লগতে আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মন্ত্ৰী যোগেন মহনে (Jogen Mohan visited Flood effected area of Golpara)।

author img

By

Published : Jun 18, 2022, 8:02 PM IST

Flood in Goalpara
গোৱালপাৰাত বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

গোৱালপাৰা, 18 জুন : ‘‘জিলা উপায়ুক্তসকলৰ হাতত পৰ্যাপ্ত ধনৰাশি আছে ৷ প্ৰয়োজনত চৰকাৰৰ ফালৰ পৰা আৰু দিব ৷ যাতে কোনো বানাক্ৰান্ত ৰাইজে যাতে দুৰ্ভোগ ভুগিব লগা নহয়’’ ৷ শনিবাৰে গোৱালপাৰাত বন্যাৰ্তৰ কাষত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan take stock of Flood effected people)।

লগতে তেওঁ কয়, ‘‘অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ ৰাজ্যৰ বেছি ক্ষতি হৈছে ৷ ফলত বান্যাৰ্তই চৰকাৰী সা-সুবিধা লাভ কৰাত কিছু অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ যদি শিবিৰৰ সংখ্যা কমিছে তেন্তে প্ৰয়োজনত চৰকাৰীভাৱে আৰু শিবিৰৰ ব্যৱস্থা চৰকাৰে কৰি দিব’’ ৷

উল্লেখ্য যে, অপৰিৱৰ্তিত অৱস্থা ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ গোৱালপাৰাতো বানে লৈছে সংহাৰী ৰূপ ৷ বছৰৰ দ্বিতীয়টো বানত বুৰ গৈছে গোৱালপাৰাৰ বলবলা, ফফংগা অঞ্চলৰ বৃহত্তৰ অঞ্চল ৷ গোৱালপাৰাৰ বান পৰিস্থিতি বুজ ল’বলৈ শনিবাৰে জিলাখনৰ দ্বাৰকা স্কুলত থকা আশ্ৰয় শিবিৰত উপস্থিত হয় মন্ত্ৰী যোগেন মহন (Jogen Mohan visited Flood effected area of Golpara)।

জানিব পৰা মতে, এই আশ্ৰয় শিবিৰটোত আছে শিশু-বৃদ্ধাকে ধৰি পোহনীয়া বহু জীৱ-জন্তু । ফলত শিশুৰ খাদ্য, পশুৰ খাদ্যকে আদি কৰি এতিয়া খাদ্য সংকটত ভুগিছে আশ্ৰয় শিবিৰটোত থকা বান্যাৰ্তসকলে । প্ৰতিটো আশ্ৰয় শিবিৰত যাতে কোনো ধৰণৰ খাদ্য-সামগ্ৰীৰ অভাৱ নহয়, তাৰ প্ৰতি বিশেষ নজৰ দিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : কমলপুৰত বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.