গোৱালপাৰা,৩১ অক্টোবৰ: গোৱালপাৰা জিলা আয়ুক্ত সভাকক্ষত জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ সংবাদমেল । গোৱালপাৰাৰ ৮১ খন গাঁও পঞ্চায়তত একোখনকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা মন্ত্ৰীগৰাকীৰ । প্ৰত্যেকজন খিলঞ্জীয়া ভূমিপুত্ৰক চৰকাৰে ভুমি প্ৰদান কৰাৰ আশ্বাস মন্ত্ৰী সিংহলৰ । ইফালে জংঘল বিনষ্ট কৰাসকলক সমাজৰ শত্ৰু আখ্যা দিলে মন্ত্ৰী অশোক সিংহলে ।
উল্লেখ্য যে এদিনীয়া ভ্ৰমণ কৰি এবছৰ ভিতৰত জিলা প্ৰশাসনৰ উদ্যোগত গোৱালপাৰা জিলাত বহুখিনি পৰিৱৰ্তন দেখিবলৈ পোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । এবছৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে গোৱালপাৰালৈ অহাৰ সময়ত বহু স্কুলত ছাত্ৰীৰ বাবে সুকীয়াকৈ অনাময় ব্যৱস্থা নথকাটো পৰ্যবেক্ষণ কৰাৰ কথা উল্লেখ কৰে । আনহাতে বৰ্তমানো বহু বিদ্য়ালয়ত অনাময় ব্যৱস্থা নাই বুলি উল্লেখ কৰি অহা ১৫ ডিচেম্বৰত সমগ্ৰ জিলাখনৰ ভিতৰত যিমান চৰকাৰী বিদ্যালয় আছে সকলোতে ছাত্ৰ আৰু ছাত্ৰীৰ বাবে সুকীয়াকৈ অনাময় ব্যৱস্থাৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ।
লগতে বিদ্যালয়সমূহত খোৱাপানীৰো ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি ইতিমধ্যে বিভিন্ন বিদ্যালয়ত খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে । জিলাখনৰ ৮১ টা পঞ্চায়ত এলেকাত প্ৰতিটো পঞ্চায়তত এখনকৈ বিদ্যালয় আনটাইড ফাণ্ডৰ ধনেৰে মেৰামতি কৰা হ'ব বুলি তেওঁ সদৰী কৰে । মেৰামতি কৰা বিদ্য়ালয়সমূহক আদৰ্শ বিদ্যালয় হিচাপে নিৰ্মাণ কৰা হ'ব ।
একেদৰে ২০ জানুৱাৰীৰ ভিতৰত জিলাখনত নতুনকৈ নিৰ্মাণ কৰা ৩০খন অংগনবাড়ী কেন্দ্ৰ উন্মোচন কৰা হ'ব বুলি ঘোষণা কৰে গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে । মঙলবাৰে পুৱা এক চৰকাৰী কাৰ্যসূচী লৈ গোৱালপাৰাত পদাৰ্পন কৰা মন্ত্ৰী অশোক সিংহলে বিভিন্ন বিভাগৰ কাম-কাজৰ বুজ লৈ বিয়লি প্ৰায় চাৰি বজাত জিলা আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি এখনি সংবাদমেলৰ আয়োজন কৰে ।
সংবাদমেলখনত তেওঁ কয়- 'জিলাখনৰ কৃষকক কেনেকৈ উপকাৰ কৰিব পৰা যায় তাৰ বাবে জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰকে ধৰি জিলাৰ উচ্চপদস্থ বিষয়াসকলৰ লগত এক আলোচনাত তেওঁ মিলিত হয় । জিলাখনৰ গ্ৰাম্য অঞ্চলৰ নদ-নদীকে ধৰি সৰু সৰু জান-জুৰিসমূহক কম খৰচত কেনেকৈ কৃষি কৰ্মত ব্যৱহাৰ কৰিব পাৰি তাৰ চিন্তা চৰ্চা কৰা হৈছে।'
তেওঁ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পঞ্চায়ত প্ৰতিনিধিকে ধৰি শিক্ষা, স্বাস্থ্য,সমাজ কল্যান,পি এন আৰ ডি,লোকনিৰ্মাণ আদি বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যবেক্ষণ কৰাৰ বাবে বিষয়া-কৰ্মচাৰীসকলৰ সৈতে আলোচনাত মিলিত হৈ জিলাখনৰ সামগ্ৰীক উন্নয়নৰ বুজ লোৱাত এবছৰৰ ভিতৰত জিলাখনৰ উন্নয়ন হোৱা বুলি তেওঁ উল্লেখ কৰে । স্বাস্থ্য খণ্ডত জিলাখনৰ শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ কম কৰাৰ বাবে যথেষ্ট অৱকাশ থকাৰ কথা উনুকিয়াই কয় যে ছেল্ফ হেল্পৰ গ্ৰুপৰ জৰিয়তে ইয়াৰ সজাগতা সৃষ্টি কৰা হ'ব ।
এই সংক্ৰান্তত তেওঁ কয় যে, 'সমাজ কল্যান বিভাগৰ কেইবাটাও আঁচনি আছে,যাৰ জৰিয়তে পুষ্টিকৰ আহাৰৰ বাবে প্ৰতিগৰাকী মাতৃক ১২ হেজাৰ টকাকৈ চৰকাৰৰ পৰা দিয়া হয় । এই ধন সন্তান সম্ভাৱনা মাতৃক দিয়া হয়, যাতে প্ৰসৱৰ সময়ত মাতৃৰ স্বাস্থ্য ভালে থাকে । স্বাস্থ্য ভালে থাকিলে প্ৰসৱকালত মাতৃৰ মৃত্যুৰ হাৰ কম হোৱা লগতে দুৰ্বল সন্তান জন্ম নহয় । প্ৰসূতি মাতৃ আৰু নৱজাত শিশুৰ যাতে মৃত্যু নহয় তাক প্ৰত্যাহ্বান হিচাপে লোৱা হৈছে । স্বাস্থ্য,সমাজ কল্যাণ আৰু পঞ্চায়তীৰাজ ব্যৱস্থাক লৈ ব্যাপক সজাগতা চলোৱা হ'ব । ১৫ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ এই কাৰ্যক্ৰম চলোৱা হ'ব । এই কাৰ্যক্ৰমৰ নাম দিয়া হ'ব 'স্বাস্থ্য মাতৃ সুৰক্ষিত সন্তান'। এই কাৰ্যক্ৰমত ছেলফ হেল্প গ্ৰুপ,অংগণবাড়ী কৰ্মী, আশাকৰ্মী আদি সকলোকে ইয়াত জড়িত কৰা হ'ব । এই কাৰ্যক্ৰম কেৱল গোৱালপাৰা জিলাতে লোৱা হৈছে ।'
উল্লেখ্য যে জিলাখনত বিভিন্ন বিভাগৰ কামকাজ কৰা প্ৰক্ৰিয়াবোৰ ভাল হোৱা বাবে ৰাইজ উপকৃত হোৱা বুলি তেওঁ সংবাদমেলত দাবী কৰে । অহা বছৰ গাঁও পৰ্যায়ত সভা অনুষ্ঠিত কৰি অৰ্থাৎ গাঁওসমূহলৈ গৈ 'দক্ষতা বিকাশ'ৰ যিবোৰ আঁচনি ৰূপায়ণ কৰা হৈছে তাৰ খতিয়ান লোৱা হ'ব বুলি তেওঁ ঘোষণা কৰে । জিলাখনত বেদখল হৈ থকা বন তথা চৰকাৰী ভূমিত চৰকাৰে উচ্ছেদ চলোৱাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, 'উচ্চ ন্যায়ালয়ৰ আদেশ আছে । ফৰেষ্টবোৰ ঠিক থাকিব লাগে আৰু জংঘলৰ প্ৰয়োজন আমাৰ আছে । জীৱ-জন্তুৰ লগতে জংঘল বচোৱাৰ দায়িত্ব সকলোৰে, অকল চৰকাৰৰে নহয় । "
তেওঁ লগতে কয়, "যিসকলে জংঘল বিনষ্ট কৰে তেখেতসকল সমাজৰ শত্ৰু হয় ।" জংঘল বচোৱাৰ স্বাৰ্থত যদি জিলা প্ৰশাসনে উচ্ছেদ চলায় তাক স্বাগতম জনাব লাগে বুলি তেওঁ মন্তব্য কৰে । শেহতীয়াকৈ জিলাখনত হাতী-মানুহৰ সংঘাত ভয়াৱহ হৈ পৰিছে । সোমবাৰে সন্ধিয়া আঠ বজাত ব্যস্ত চহৰত বনৰীয়া হাতীৰ জাক এটা প্ৰৱেশ কৰি তীব্ৰ আতংকৰ সৃষ্টি কৰা বুলি তেওঁৰ দৃষ্টি আকৰ্ষণ কৰাত তেওঁ কয় যে জংঘল যদি মানুহে বেদখল কৰে তেন্তে হাতীও কৰবাত যাব লাগিব ।
বনৰীয়া হাতীৰ জাক অহা-যোৱা কৰা কৰিড'ৰ তথা বাসস্থানত ঔদ্যোগিক কেন্দ্ৰ স্থাপন কৰাৰ নামত জিলাখনত হেজাৰ হেজাৰ শালগছ কটা হৈছে বুলি সাংবাদিকে উনুকিয়াই দিয়াত তেওঁ কয়, 'বৰ্তমান ফ'ৰেষ্ট বিভাগ ইমান কমজোৰ হৈ থকা নাই যে হাতীৰ কৰিডৰত কোনোবাই উদ্যোগ স্থাপনা কৰিব । মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নেৰ্তৃত্বত এইখনৰ চৰকাৰৰ দিনত কোনো এটা বিভাগ ইমান দুৰ্বল নহয় যে হাতী যোৱা বাটত উদ্যোগ স্থাপন কৰিব ।"
বিভিন্ন সাংবাদ মাধ্যমে তথ্য সহকাৰে এই সন্দৰ্ভত বাতৰি পৰিৱেশন কৰি আহিছে বুলি উল্লেখ কৰাত তেওঁ অভিযোগৰ তদন্ত হ'ব বুলি মন্তব্য কৰে । ফ'ৰলেন পথ সম্প্ৰসাৰণৰ নামত জিলাখনত ব্যাপক হাৰত গছ-গছনি তহিলং কৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সন্দৰ্ভত তেওঁ সংবাদমেলত কয় যে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰণ কৰি ফ'ৰলেন পথ নিৰ্মাণ কৰা হৈ আছে । সকলো নীতি-নিয়মৰ মাজেৰে চলি আছে ।
গছ কটাৰ বিপৰীত নতুন গছ ৰুইছে নে নাই তাক দেখাৰ প্ৰয়োজন নাই বুলি প্ৰশ্ন কৰা সাংবাদিকক উদ্যেশে কয় । দেশত আইন আছে,আইন মতে চলিব । এডাল গছ কাটি যদি দহদাল গছ নলগায় তেন্তে এন জি টিয়ে ধৰিব বুলি তেওঁ উনুকিয়ায় । ইপিনে বসুন্ধৰা আঁচনি সন্দৰ্ভত তেওঁ কয়, প্ৰত্যকজন খিলঞ্জীয়া ভূমিপুত্ৰক চৰকাৰে ভুমি দিয়াৰ বাবে আগ্ৰহী বুলি শেষ বন্তব্য কৰে ।
এই সংবাদমেলত অভিভাৱক মন্ত্ৰীগৰাকীক সংগ দিয়ে জিলা আয়ুক্ত খনিন্দ্ৰ চৌধুৰীকে ধৰি ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু জিলা মাণ্ডলিক বন বিষয়া তেজস মৰিশ্বামীয়ে । উল্লেখ্য যে,সংবাদমেলৰ পূৰ্বে মঙলবাৰে পুৱা দহমান বজাত আগিয়াৰ ৰাংচাপাৰত ভুমি সংৰক্ষণ বিভাগে ৰূপায়ন কৰি থকা এটি প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লৈ বালিজানা উন্নয়ন খণ্ডত উপস্থিত হৈ উন্নয়নমূলক কাম-কাজৰ পৰ্যবেক্ষণ কৰি বুজ লয় । ইয়াৰ পিছতে জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: Non-allotment of land to Muslims: মুছলমানৰ বিৰুদ্ধে চৰকাৰৰ বৈষম্যমূলক নীতি কিয় ? আব্দুৰ ৰচিদ মণ্ডল