ETV Bharat / state

বানত সৰ্বস্বান্ত জলেশ্বৰ সমষ্টিৰ বানাক্ৰান্ত

author img

By

Published : Jul 9, 2020, 2:08 PM IST

বানত সৰ্বস্বান্ত গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ শতাধিক লোক ৷ কিন্তু ইমানৰ পিচতো স্থানীয় জন প্ৰতিনিধিয়ে বানাক্ৰান্ত লোকৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

massive flood in goalpara dictrict
বানত সৰ্বস্বান্ত জলেশ্বৰ সমষ্টিৰ বানাক্ৰান্ত

গোৱালপাৰা, 9 জুলাইঃ ৰাজ্যত বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জিলাসমূহৰ ভিতৰত অন্যতম গোৱালপাৰা জিলা ৷ অসম দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি জিলখনত প্ৰায় 30 খন গাঁও ক্ষতিগ্ৰস্ত হৈছে বানৰ ফলত ৷ বানৰ কবলত পৰি সম্প্ৰতি দিশহাৰা হৈ পৰিছে বিস্তৰ অঞ্চলৰ লোক ৷ জিলাখনৰ লখিপুৰ আৰু মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 2 শহস্ৰাধিক লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে প্ৰলয়ংকাৰী বানে ৷ কৃষি ভূমিৰ লগতে বাসস্থানকে ধৰি প্ৰায় 3678 হেক্টৰ ভূমি বৰ্তমানলৈ ক্ষতিগ্ৰস্ত জিলা খনত ৷ ব্যতিক্ৰম নহয় জিলাখনৰ জলেশ্বৰ সমষ্টিও ৷ সমষ্টিটোৰ শতাধিক পৰিয়াল এতিয়া উপায়ন্তৰ বানৰ কবলত পৰি ৷ কিন্তু ইমানৰ পিচতো বানাক্ৰান্ত লোক তথা বানপীড়িত অঞ্চল এবাৰলৈয়ো পৰিদৰ্শন নকৰাৰ অভিযোগ স্থানীয় বিধায়ক চাহাব উদ্দিন আহমেদৰ বিৰুদ্ধে ৷

জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত চিলাৰভিটাত মথাউৰি ছিগাৰ বাবে সম্প্ৰতি সৃষ্টি হৈছে আন এক হাহাকাৰ পৰিস্থিতিৰ ৷ কিন্তু এতিয়ালৈ অসহায় লোকৰ কাষত এবাৰলৈয়ো অহা নাই স্থানীয় জন প্ৰতিনিধি গৰাকী ৷ চৰকাৰ তথা জন প্ৰতিনিধিয়ে যদি এই পৰিস্থিতি শাম কাটিবৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অতি শীঘ্ৰেই পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠাৰ সম্ভাৱনা প্ৰকট হৈছে বুলি উল্লেখ কৰে স্থানীয় ভুক্তভোগা লোকে ৷ বৰ্তমান নিজৰ বাসস্থানকে ধৰি খেতি মাটি হেৰুৱাই সৰ্বস্বান্ত হৈ পৰিছে সমষ্টিটোৰ বহু লোক ৷ উপায়ন্তৰ লোকে সম্প্ৰতি জিলা প্ৰশাসনৰ লগতে অসৰ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে ক্ষতিগ্ৰস্ত অঞ্চলটোৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৷ কিয়নো বৰ্তমানলৈ স্থানীয় বিধায়ক গৰাকীৰ লগতে, সাংসদ বদৰুদ্দিন আজমলেও বানাক্ৰান্ত লোকক উদ্ধাৰৰ হকে কোনো ধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিবলৈ দিয়ে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়কঃ চিৰাং-বঙাইগাঁৱৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.