ETV Bharat / state

নিজৰেই পৰিয়ালৰ ওপৰত নিৰ্যাতন মাদ্ৰাছা শিক্ষকৰ - Madrasa teacher from Goalpara tortures his family

গোৱালপাৰাত চাঞ্চল্যকৰ ঘটনা । ধুবুৰীত কৰ্মৰত এগৰাকী মাদ্ৰাছা শিক্ষকৰ কৰ্মকাণ্ডত অতিষ্ঠ নিজৰে পৰিয়াল । দ্বিতীয় বিবাহপাশত আৱদ্ধ হৈ প্ৰথমা পত্নী আৰু সন্তানৰ ওপৰত শিক্ষকজনৰ অত্যাচাৰ (Madrasa teacher from Goalpara tortures his family)। আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া পৰিয়ালটো ।

Madrasa
মাদ্ৰাছা শিক্ষকে নিজৰে পৰিয়ালৰ ওপৰত চলালে নিৰ্যাতন
author img

By

Published : Aug 17, 2022, 12:53 PM IST

Updated : Aug 17, 2022, 1:14 PM IST

গোৱালপাৰা,১৭ আগষ্ট : শিক্ষকসকলে সমাজত এক বিশেষ স্থান লাভ কৰে । ৰাইজে শিক্ষক সমাজক সন্মান আৰু শ্ৰদ্ধা কৰে । কিন্তু একাংশ শিক্ষকে কেতিয়াবা সমগ্ৰ শিক্ষক সমাজকে কলঙ্কিত কৰা দেখা যায় । তেনে এক লম্পট শিক্ষকৰ কৰ্মকাণ্ড দেখি এতিয়া আচৰিত হৈছে গোৱালপাৰাৰ ৰাইজ ।

শিক্ষকগৰাকীৰ নাম আব্দুল জলিল । ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ চিৰাকুটি ছিনিয়ৰ মাদ্ৰাছাৰ শিক্ষক আব্দুল জলিল । গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ আব্দুল জলিলে নিজৰে পৰিয়ালক হত্যাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে (Madrasa teacher assaults his family in Goalpara)। পত্নীৰ লগতে পৰিয়ালৰ লোকে অভিযোগ কৰা মতে তেওঁলোকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি আহিছে আব্দুলে ।

নিজৰেই পৰিয়ালৰ ওপৰত নিৰ্যাতন মাদ্ৰাছা শিক্ষকৰ

কেৱল এয়াই নহয় গুণ্ডা বাহিনীৰ জৰিয়তে পত্নীসহ সন্তানক ঘৰৰ পৰা উচ্ছেদ কৰাৰো ভাবুকি দিছে আব্দুল জলিলে । অভিযোগ অনুসৰি নিজৰ পত্নী আৰু পাঁচটা সন্তান থকাৰ পিছতো চাৰি বছৰ পূৰ্বে আন এগৰাকী মহিলাক পলুৱাই আনি দ্বিতীয় বিবাহপাশত আবদ্ধ হৈছিল শিক্ষক আব্দুল জলিল । তাৰ পিছৰে জলিলে প্ৰথমা পত্নী আৰু সন্তানৰ ওপৰত আৰম্ভ কৰিছে অমানুষিক অত্যাচাৰ ।

ইতিমধ্যে দুৰ্ভগীয়া পৰিয়ালটো নিৰাপত্তা বিচাৰি গোৱালপাৰা জিলাৰ জলেশ্বৰ আৰু ধুবুৰী জিলাৰ ফকিৰগঞ্জ আৰক্ষীৰ কাষ চাপিছে । কিন্তু তাৰ পিছতো ক্ষান্ত হোৱা নাই অত্যাচাৰী আব্দুল জলিল । অৱশেষত উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে পৰিয়ালটো । শিক্ষক তথা স্বামী আব্দুল জলিলৰ অমানুষিক অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত জনালে কাতৰ আহ্বান জনালে পত্নীয়ে ।

ইফালে এই ঘটনাৰ কথা প্ৰকাশ হোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনত । এগৰাকী শিক্ষকৰ এনে কৰ্মকাণ্ড দেখি ক্ষোঙিত হৈ পৰিছে সচেতন মহল । অত্যাচাৰী শিক্ষক তথা লোকজনক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে বিভিন্নজনে ।

লগতে পঢ়ক:আইন উলংঘনকাৰী যান বাহনৰ বিৰুদ্ধে বিশ্বনাথত পৰিবহণ বিভাগৰ অভিযান

Last Updated : Aug 17, 2022, 1:14 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.