ETV Bharat / state

গোৱালপাৰাত লৱাৰ আছাম ছাউণ্ড এছ'চিয়েচনৰ জৰুৰী সভা

author img

By

Published : Sep 28, 2020, 1:50 PM IST

গোৱালপাৰাত লৱাৰ আছাম ছাউণ্ড এছ'চিয়েচনৰ জৰুৰী সভা ৷ চাউণ্ডৰ লগত জড়িত ব্যক্তিসকলক সহায় কৰাৰ দাবী এছ'চিয়েচনৰ অন্যথা আন্দোলন কৰাৰ হুংকাৰ এছ'চিয়েচনৰ ৷

Lower Assam Sound Association Important Meeting At Goalpara
গোৱালপাৰাত লৱাৰ আছাম ছাউণ্ড এছ'চিয়েচনৰ জৰুৰী সভা

গোৱালপাৰা, 28 ছেপ্তেম্বৰ : মহামাৰী কৰ'ণাৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰা 'লৱাৰ আছাম ছাউণ্ড এছ'চিয়েচন' এ এখন জৰুৰী সভাৰ আয়োজন কৰে । উক্ত সভাত চৰকাৰক সাংস্কৃতিক জগতৰ লগত জড়িত ছাউণ্ড ছিষ্টেমৰ ব্যক্তিসকলক সহায়ৰ কৰাৰ দাবী জনাইছে অন্যথা তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ এছ'চিয়েচৰ ৷

সভাত লৱাৰ আছাম ছাউণ্ড এছ'চিয়েচনৰ সম্পাদক অবিন চন্দ্ৰ নাথে কয় যে, চৰকাৰক আর্থিকভাৱে সহায়ৰ বহু আবেদন-নিবেদন কৰাৰ পিচতো কোনো সহাৰি পোৱা নগল তেন্তে ছাউণ্ড মালিক, কৰ্মী সকলৰ সৈতে প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ে কাৰ্যালয়ে গৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিলে ৷

লগতে পঢ়ক : গৃহ ভূমিত বিপুল আদৰণি AJP সমন্বয়ক জগদীশ ভূঞাক

আনহাতে, লৱাৰ আছাম ছাউণ্ড এছ'চিয়েচনৰ গোৱালপাৰা জিলা শাখাৰ সম্পাদক জাকিৰ হুছেইনে কয় যে, অসমৰ সাংস্কৃতিক জগতৰ এক গুৰুত্বপূৰ্ণ অৱদান হৈছে ছাউণ্ড ছিষ্টেম । বিগত লক ডাউনৰ ফলত ছাউণ্ড ছিষ্টেমৰ লগত জড়িত লোক সকল অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰিছে । গতিকে, চৰকাৰে ছাউণ্ড মালিক সকলৰ লগত শীঘ্ৰে আলোচনাত মিলিত হৈ ছাউণ্ড মালিক আৰু কৰ্মী সকলক এককালীন সাহাৰ্য প্ৰদান কৰাৰ লগতে অতি সোনকালে চৰ্ত সাপেক্ষে সাংস্কৃতিক অনুষ্ঠানৰ লগতে ছাউণ্ড ছিচটেমৰ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰিলে ।

লগতে পঢ়ক : চানডুবিত কেন্দ্ৰীয়ভাৱে উদযাপন বিশ্ব পৰ্যটন দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.