ETV Bharat / state

গোৱালপাৰাত নষ্ট শ শ বিঘাৰ শাক পাচলি

author img

By

Published : Apr 25, 2020, 12:53 PM IST

লক ডাউনৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ কৃষক সকল ৷ পথাৰতে পচিছে শ শ বিঘাৰ শাক পাচলি হাহাকাৰ পৰিস্থিতি কৃষক সকলৰ মাজত ।

lockdown-and-huge-losses-in-farmar-goalpara
গোৱালপাৰাত নষ্ট শ শ বিঘাৰ শাক পাচলি

গোৱালপাৰা 25 এপ্ৰিলঃ লক ডাউনৰ ব্যাপক প্ৰভাৱ পেলাইছে সাধাৰণ কৃষক সকলৰ মাজত । গোৱালপাৰা জিলাৰ সূতাৰপাৰা,সিধাবাৰী,মাটীয়া,বলদমাৰী চৰ,পেটকাটা আদি ঠাইৰ প্ৰায় লক্ষাধিক কৃষকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লক ডাউনৰ মাজতে ৷ অকল সূতাৰপাৰা অঞ্চলতেই নষ্ট হ‘ব ধৰিছে ৩০০ বিঘা শাক-পাচলি ইপিনে বলদমাৰী চৰত প্ৰায় ১৫০বিঘা মাটিত কৰা খেতি পথাৰতো একেই অৱস্থা দেখা গৈছে ।

গোৱালপাৰাত নষ্ট শ শ বিঘাৰ শাক পাচলি

পাচলি উৎপাদনৰ ক্ষেত্ৰত বিখ্যাত দুয়োটা অঞ্চলতেই নষ্ট হৈছে শ শ বিঘা পাচলিৰ খেতি। লক ডাউনৰ ফলত পাচলি বিক্ৰী কৰিব নোৱাৰাত খেতি পথাৰ পচিব ধৰিছে বিলাহী,বন্ধাকবি,ফুলকবি,জিকাকে ধৰি বিভিন্ন প্ৰকাৰৰ শাক পাচলিৰ খেতি । লক ডাউনে এফালে জীয়াই থকাৰ প্ৰেৰণা দিলেও আনফালে ভৱিষ্যতে কৃষক সকলৰ জীৱনলৈ অনাকাংক্ষিত সমস্যা নামি আহিব সেইয়া প্ৰায় নিশ্চিত ৷ বিশেষকৈ কৃষি প্ৰধান অঞ্চল সমূহত অনাহূত পৰিস্থিতিয়ে দেখা পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । সময় থাকোতে চৰকাৰে ৰাজ্যৰ কৃষক সকলৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাৱী জনাইছে স্থানীয় ৰাইজে ৷

লগতে চাঁওকঃ এজাক বৰষুণতে কলগাছিয়াত কৃত্ৰিম বানপানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.