ETV Bharat / state

ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড গোৱালপাৰা জিলা আদালতৰ

author img

By

Published : May 6, 2022, 7:56 PM IST

গোৱালপাৰা আদালতৰ ঐতিহাসিক ৰায় । ৬ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা কালু মুণ্ডাক যাৱজ্জীৱন কাৰাদণ্ড (Life imprisonment to rape accused)।

Life imprisonment to rape accused
ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড গোৱালপাৰা জিলা আদালতৰ

গোৱালপাৰা, 6 মে’ : শুকুৰবাৰে গোৱালপাৰাৰ আদালতে প্ৰদান কৰে ঐতিহাসিক ৰায় । ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত কালু মুণ্ডা নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে আদালতে (Life imprisonment to rape accused)। ২০১৮ বৰ্ষত গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত শিমলীতোলা চাহ বাগিছাত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল এগৰাকী ছবছৰীয়া নাবালিকাক (Minor rape murder in Goalpara) ৷

এই ঘটনাৰ অভিযুক্ত শ্ৰীনুছ ওৰাং ওৰফে কালু মুণ্ডাক POSCO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ অৱশেষত চাৰি বছৰ পাচত এই গোচৰৰ ৰায় দিলে গোৱালপাৰা আদালতে । অপৰাধী কালু মুণ্ডাক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে ৷ জীৱিত অৱস্থাত জেলৰ পৰা ওলাব নোৱাৰিব অপৰাধী কালু ।

উল্লেখযোগ্য যে, কালু মুণ্ডাই ৬ বছৰীয়া নাবালিকা গৰাকীক ধৰ্ষণ কৰি গামোচাৰে ডিঙি চেপি হত্যা কৰিছিল । গোৱালপাৰাৰ আদালতৰ এই ৰায় দানত ভুক্তভোগীৰ পৰিয়ালে আত্মসন্তোষ্টি প্ৰকাশ কৰাৰ লগতে জিলাবাসীয়ে স্বস্তিৰ নিশ্বাস পেলায় ।

লগতে পঢ়ক : মহানগৰীৰ বেংক অফ বৰোদাৰ ক্ষেত্ৰীয় কাৰ্যালয়ত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.