ETV Bharat / state

গোৱালপাৰাত উদ্ধাৰ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা

গোৱালপাৰাৰ দুটাকৈ স্থানত বন বিভাগে অভিযান চলাই জব্দ কৰে কাঠৰ কুণ্ডাৰ লগতে এই অবৈধ ব্যৱসায়ত জড়িত এখন বাহন ৷ তদুপৰি উচ্ছেদ কৰে অবৈধ কাঠফলা মিল ৷ ৰংজুলি বন বিভাগৰ অধীনত চলা এই অভিযানত সহযোগিতা আগবঢ়াই মাটিয়া আৰক্ষীয়ে ৷

Illegal timber mill seized in Goalpara assam etv bharat news
কাঠৰ কুণ্ডা উদ্ধাৰ
author img

By

Published : Jul 31, 2020, 12:31 PM IST

বকো,31 জুলাই: বন বিভাগৰ অজ্ঞাতে গোৱালপাৰাত অব্যাহত আছে কাঠৰ চোৰাং ব্যৱসায় ৷ দীৰ্ঘদিনে বন বিভাগ আৰু আৰক্ষীৰ চকুত ধূলি মাৰি একাংশ ব্যৱসায়ীয়ে চলাই আহিছিল এই ব্যৱসায় ৷ কিন্তু শেহতীয়াকৈ এই অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ হ’ল জিলাখনৰ বন বিভাগ ৷ বন বিভাগে বৃহস্পতিবাৰে মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত চিদাবাৰীত এই ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা ৷

কাঠৰ কুণ্ডা উদ্ধাৰ

জিলাখনৰ দুটাকৈ স্থানত অভিযান চলোৱা বিভাগটোৱে কাঠৰ কুণ্ডা জব্দ কৰাৰ উপৰিও উচ্ছেদ কৰে অবৈধ কাঠফলা মিল ৷ ৰংজুলি বন বিভাগৰ অধীনত চলা এই অভিযানত অভিযানকাৰী দলটোৱে কাঠ কঢ়িওৱা এ এছ ০১ বিচি ৯৮৯০ নম্বৰৰ এখন বলেৰ’ পিক আপ বাহন জব্দ কৰাৰ বিষয়ে জানিব পৰা গৈছে ৷ বাহনখনে অবৈধ কাঠফলা মিলৰ পৰা বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা কঢ়িয়াই গৈ থকা অৱস্থাত ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত চেঁচাপানীৰ পৰা জব্দ কৰে বন বিভাগে ৷ উল্লেখ্য যে, ৰংজুলিৰ আঞ্চলিক বন বিষয়া বলেন দাসৰ নেতৃত্বত চলা এই অভিযানত সহযোগ আগবঢ়াই মাটিয়া আৰক্ষীয়ে ৷

লগতে চাওকঃ মৰিয়নীত পুনৰ 16 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.