ETV Bharat / state

গোৱালপাৰাত অবৈধ কাঠ আৰু কাঠফলা মিল জব্দ

author img

By

Published : Oct 3, 2020, 1:31 PM IST

গোৱালপাৰাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান ৷ অবৈধ কাঠৰ জব্দ কৰাৰ লগতে দুটাকৈ কাঠৰ মিল উচ্ছেদ বন বিভাগৰ ৷ জব্দ কৰা কাঠখিনিৰ মূল্য দুই লাখৰো অধিক ৷ বগুৱান আৰক্ষীৰ সহযোগত কৃষ্ণাই আৰু লক্ষীপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া-কৰ্মীসকলে অভিযান চলাই কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

গোৱালপাৰাত অবৈধ কাঠ আৰু কাঠফলা মিল জব্দ
গোৱালপাৰাত অবৈধ কাঠ আৰু কাঠফলা মিল জব্দ

গোৱালপাৰা, 3 অক্টোবৰ : কাঠৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে গোৱালপাৰাত বন বিভাগৰ অভিযান ৷ অভিযানত জব্দ হ'ল দুটাকৈ কাঠ ফলা মিলৰ লগতে প্ৰায় দুই লক্ষাধিক মূল্যৰ অবৈধ কাঠ ৷ বন বিষয়া শান্তনা মেধিৰ নেতৃত্বত বগুৱান আৰক্ষীৰ সহযোগত কৃষ্ণাই আৰু লক্ষীপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া তথা কৰ্মীসকলে অভিযান চলাই কাঠখিনি জব্দ কৰাৰ লগতে দুটাকৈ কাঠ ফলা মিল উচ্ছেদ কৰে ৷

শুকুৰবাৰে নিশা বনবিষয়া শান্তনা মেধিৰ নেতৃত্বত সফল অভিযান চলাই জয়পুৰ ৰাসালডুবি নামৰ ঠাইখনৰ পৰা কাঠৰ কুণ্ডাৰ লগতে মিল দুটা উচ্ছেদ কৰাত বন বিভাগ সক্ষম হয় ৷ অভিযানৰ নেতৃত্ব দিয়া মেধিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি জব্দকৃত কাঠখিনিৰ মূল্য দুই লাখৰ অধিক হ'ব ৷ তেওঁ জানিবলৈ দিয়ে যে ইতিমধ্যে তেওঁ বহুকেইটা অভিযানত অবৈধ কাঠ জব্দ কৰিছে আৰু এনেধৰণৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান অব্যহত থাকিব ৷ শুকুৰবাৰে জব্দ কৰিবলৈ সক্ষম হোৱা কাঠখিনিৰ ভিতৰত শাল, চেগুন আৰু কদম কাঠ আছিল বুলি মেধিয়ে উল্লেখ কৰে ৷

অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে গোৱালপাৰাত অভিযান বন বিভাগৰ

লগত পঢ়ক : গোৱালপাৰাত জনজাতি কৰণৰ দাবীত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.