গোৱালপাৰা, 24 ডিচেম্বৰ : বৃহস্পতিবাৰে দুপৰীয়া গোৱালপাৰা মহাবিদ্যালয় সন্মুখত নাগৰিকত্ব সংশোধনী আইন(কা) ২০১৯ ৰ বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ কাৰাৰুদ্ধ অখিল গগৈৰ মুক্তিৰ দাবীত গোৱালপাৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখলা কাৰ্যসূচী ৰূপায়ন কৰে । এই প্ৰতিবাদ তথা মানৱ শৃংখলা কাৰ্যসূচীত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।
অংশগ্ৰহণকাৰী শিক্ষাৰ্থী তথা প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে আৰু অখিল গগৈক বিনাচৰ্তে মুক্তি আৰু কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অখিল গগৈক অগনতান্ত্ৰিক আৰু অন্যায়ভাৱে এটা বছৰ ধৰি কাৰাৰুদ্ধ কৰি ৰখা চৰকাৰক গৰিহণা জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলা সম্পাদক জাকিৰ হুছেইনে ।
গোৱালপাৰাৰ উপৰিও বৰপেটাটো কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক : বৰপেটাত কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত মানৱ শৃংখল