গোৱালপাৰা,১৫ এপ্ৰিল : বিহুৰ আনন্দ উল্লাহৰ মাজতে গোৱালপাৰাত ধুমুহাৰ তাণ্ডৱ (Severe storm in Goalpara)। ধুমুহাত গোৱালপাৰা জিলাৰ আগিয়া-বালিজানাৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন (Heavy storms in Goalpara cause extensive damage)। পুৱাৰ ভাগত অহা প্ৰচণ্ড ধুমুহাৰ ফলত বৃহত্তৰ আগিয়া-বালিজানা অঞ্চলৰ বহুতো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হয় । প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি বহু লোকৰ ঘৰ-দুৱাৰ নষ্ট হোৱাৰ লগতে বহু ঠাইত বিজুলী খুঁটা আৰু তাঁৰ ছিঙি যায় ।
গছ উভালি পৰাৰ ফলত আগিয়া-লক্ষীপুৰ পথ আৰু আগিয়া-গোৱালপাৰা পথত দীৰ্ঘ সময়ধৰি যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰে (Storm disrupts traffic in Goalpara)। ইফালে ধুমুহাৰ সময়ত লক্ষীপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন চলন্ত যাত্ৰীবাহী বাছৰ ওপৰতে প্ৰকাণ্ড গছ ভাঙি পৰে । সৌভাগ্যক্ৰমে বাছখনৰ যাত্ৰীসকল ৰক্ষা পৰে যদিও বাছখনৰ ক্ষতিসাধন হয় ।
আনহাতে ধুমুহাৰ ফলত আগিয়া-গোৱালপাৰা পথত থকা ভালে কেইখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি হয় । ধুমুহাৰ ফলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী মূল্যাংকন কৰা গোৱালপাৰা জিলাৰ জ'ন হিচাপে চিহ্নিত বালিজানা ছোৱালী হাইস্কুল গৃহত গছ পৰি বিস্তৰ ক্ষতি হয় । ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা উভালি পৰি বৃহত্তৰ অঞ্চলজুৰি বিজুলী সংযোগ বিচ্ছিন্ন হৈ পৰে (Power connection disrupted due to storm in Goalpara)। বিহুৰ আনন্দৰ মাজত প্ৰকৃতিৰ এনে ৰুদ্ৰমূৰ্তি দেখি শংকিত গোৱালপাৰাবাসী ।
লগতে পঢ়ক :Storm in Barpeta : লুৰফুৰীয়াত ধুমুহাই প্ৰাণ কাঢ়িলে বিশেষভাৱে সক্ষম এগৰাকী যুৱতীৰ