গোৱালপাৰা, ২০ জানুৱাৰী: গোৱালপাৰা জিলাৰ শিমলিতলাত বৃহস্পতিবাৰে নিশা আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় । ডকাইতৰ দলটোত আছিল চাৰিটাকৈ দুৰ্ধৰ্ষ ডকাইত । গোৱালপাৰাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰ নিৰ্দেশত গোৱালপাৰা উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা আৰু ৰংজুলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ দাসৰ নেতৃত্বত ডকাইতৰ দলটোৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন প্ৰান্তত তালাচী বহুওৱা হৈছিল ।
শিমলিতলা আৰক্ষী থানাৰ অন্তৰ্গত টিপলাই পথত সংঘটিত হয় এই গুলীয়াগুলীৰ ঘটনা(Police firing at Goalpara) । নিশা প্ৰায় ১১ বজাত টিপলাই-শিমলিতলা সংযোগী পথত আৰক্ষীয়ে ডকাইতৰ দলটোৰ গাড়ী ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও দলটোৱে নিৰ্দেশ অমান্য কৰি তীব্ৰ গতিত বাহন চলাই বেৰিকেড ভাঙি আৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰি পলাবলৈ চেষ্টা কৰে । আৰক্ষীয়েও প্ৰত্যুত্তৰত ডকাইতৰ দলটোলৈ লক্ষ্য কৰি ১৪ জাইকৈ গুলী নিক্ষেপ কৰে(Police firing to Docait in Goalpar) ৷
আৰক্ষীৰ গুলীত ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা AS 22 F 5594 চাৰিচকীয়া বাহনখন ক্ষতিসাধন হয় যদিও ডকাইতৰ দলটোৱে বাহন এৰি এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে(Gun battle in Goalpara) । গোটেই নিশা আৰক্ষীয়ে অভিযান চলায় যদিও বৰ্তমানলৈ কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষীয়ে বাহনখনৰ পৰা তিনিটাকৈ ৭.৬৫ এম এম পিষ্টলৰ খালি কার্টিজ, এখন খুকুৰীৰ লগতে কেইবাটাও আপত্তিজনক বস্তু জব্দ কৰে ।
জানিব পৰা মতে বৃহস্পতিবাৰে কামৰূপ জিলাৰ নগৰবেৰা বজাৰত চাৰিটাকৈ ডকাইত ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰিবলৈ একগোট হৈছিল । গোপন খবৰৰ ভিত্তিত গোৱালপাৰা আৰক্ষীয়ে ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ বিভিন্ন প্ৰান্তত তালাচী বহুৱাইছিল যদিও ডকাইতৰ দলটো আৰক্ষীৰ ফালে গুলী নিক্ষেপ কৰি এন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় ।
উল্লেখ্য যে, চলিত মাহৰ ১৭ জানুৱাৰীত গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত এটা ডকাইতিকাণ্ড সংঘটিত কৰিছিল এই ডকাইতৰ দলটোৱে । ইয়াৰে দুটাকৈ ডকাইত ক্ৰমে কৃষ্ণাইৰ ছানিদুল ইছলাম আৰু মাটিয়াৰ বাহাৰুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাই উল্লেখ কৰা অনুসৰি, এই ডকাইতৰ দলটোৱে অসম মেঘালয় সীমান্তত চুপাৰি গাড়ীত ডকাইতিকাণ্ড সংঘটিত কৰি আহিছে ।
গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছানিদুল ইছলাম আৰু বাহাৰুল ইছলামৰ স্বীকাৰোক্তিৰ অনুসৰি এই ডকাইতৰ দলটোৱে দুধনৈ থানাৰ অন্তৰ্গত দুটা, কৃষ্ণাই থানাৰ অন্তৰ্গত এটা আৰু ৰিছুবেলপাৰাত এটা(মেঘালয়) ডকাইতিকাণ্ড সংঘটিত কৰিছিল । এই প্ৰতিটো ডকাইতিকাণ্ডৰ মাষ্টাৰ মাইণ্ড বাৰেক আলী আৰু ৰেজাউল ইছলাম আছিল বুলি জানিবলৈ দিয়ে ছানিদুল ইছলাম আৰু বাহাৰুল ইছলামে ।
লগতে পঢ়ক: Coal syndicate: কয়লা ভৰ্তি ট্ৰাক অৱৰোধ প্ৰাক্তন আলফা নেতাৰ, উত্তপ্ত পৰিস্থিতি