গোৱালপাৰাত,9 ফেব্ৰুৱাৰী: গোৱালপাৰাত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী ৬০ বছৰীয়া বৃদ্ধ লোক । মৰনৈ থানাৰ অন্তৰ্গত দ্বিতীয় খণ্ড ৰাক্ষসনী গাঁৱৰ আলডিছ মুণ্ডা নামৰ এজন লোকক নিশা ১ বজাত এটা বনৰীয়া হাতীয়ে গচকি প্ৰাণ লয়। ঘটনা অনুসৰি নিশা শুই থাকোতে ঘৰৰ কাষৰ কল গছ খাই থকাৰ সময়ত বৃদ্ধ লোকজন ঘৰৰ পৰা দৌৰি পলাবলৈ চেষ্টা কৰে যদিও বনৰীয়া হাতীটোৱে খেদি গৈ তেওঁক গচকি দিয়াৰ ফলত লোকজনৰ থিতাতে মৃত্যু ঘটে। ইয়াৰোপৰি নিশা হাতীটোৱে ফুটুৰিপাৰ গাওঁত প্ৰায় এঘণ্টা সময় অত্যাচাৰ চলাই। ইফালে বনবিভাগক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ ৷ হাতী-মানুহৰ সংঘাত সন্দৰ্ভত স্থায়ী সমাধানৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ দাবী জনাইছে স্থানীয় ৰাইজে ।
গোৱালপাৰাত বনৰীয়া হাতীয়ে প্ৰাণ ল'লে এজনৰ - গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত
গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । জিলাখনৰ ফুটুৰিপাৰাত নিশা বনৰীয়া হাতীয়ে প্ৰাণ ল'লে এজন লোকৰ । বনবিভাগক খবৰ দিয়াৰ পিছতো উপস্থিত হোৱা নাই ঘটনাস্থলীত ।
গোৱালপাৰাত,9 ফেব্ৰুৱাৰী: গোৱালপাৰাত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী ৬০ বছৰীয়া বৃদ্ধ লোক । মৰনৈ থানাৰ অন্তৰ্গত দ্বিতীয় খণ্ড ৰাক্ষসনী গাঁৱৰ আলডিছ মুণ্ডা নামৰ এজন লোকক নিশা ১ বজাত এটা বনৰীয়া হাতীয়ে গচকি প্ৰাণ লয়। ঘটনা অনুসৰি নিশা শুই থাকোতে ঘৰৰ কাষৰ কল গছ খাই থকাৰ সময়ত বৃদ্ধ লোকজন ঘৰৰ পৰা দৌৰি পলাবলৈ চেষ্টা কৰে যদিও বনৰীয়া হাতীটোৱে খেদি গৈ তেওঁক গচকি দিয়াৰ ফলত লোকজনৰ থিতাতে মৃত্যু ঘটে। ইয়াৰোপৰি নিশা হাতীটোৱে ফুটুৰিপাৰ গাওঁত প্ৰায় এঘণ্টা সময় অত্যাচাৰ চলাই। ইফালে বনবিভাগক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ ৷ হাতী-মানুহৰ সংঘাত সন্দৰ্ভত স্থায়ী সমাধানৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ দাবী জনাইছে স্থানীয় ৰাইজে ।
Body:Anchor:- গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত।জিলাখনৰ ফুটুৰিপাৰাত নিশা বনৰীয়া হাতীয়ে প্ৰাণ ললে এজনৰ।বনবিভাগক খবৰ দিয়াৰ পিছতো উপস্থিত হোৱা নাই ঘটনাস্থলীত।
VO:- গোৱালপাৰাত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হল এগৰাকী ৬০ বছৰীয়া বৃদ্ধ লোক।মৰনৈ থানাৰ অন্তৰ্গত ৰাক্ষসনি দ্বিতীয় খণ্ড ৰাক্ষসনি গাঁওৰ আলডিছ মুণ্ডাক নিশা ১ বজাত অকলশৰীয়া এটা বনৰীয়া হাতীয়ে গচকী হত্যা কৰিলে।নিশা শুই থাকোতে ঘৰৰ কাষৰ কল থুপৰ কল গছ খাই থকাৰ সময়ত বৃদ্ধ মুন্ডা ঘৰৰ পৰা দৌৰি পলাবলৈ চেষ্টা কৰে যদিও বনৰীয়া হাতীটোৱে খেদি গৈ মুন্ডা নামৰ ব্যক্তিক গচকী হত্যা কৰে।নিশা এই হাতী টোৱে ফুটুৰিপাৰ গাওঁত প্ৰায় এঘণ্টা সময় অত্যাচাৰ চলোৱাৰ পাছত এজনক হত্যা কৰি গুচি যায়।হাতী-মানুহৰ সংঘাত সন্দৰ্ভত স্থায়ী সমাধানৰ বাবে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ দাবী জনাব স্থানীয় ৰাইজে।
Byte :- নিৰ্মল সূত্ৰধৰ,স্থানীয় ৰাইজ।
জাহিদুল ইছলাম, গোৱালপাৰা।
Conclusion:Byte :- নিৰ্মল সূত্ৰধৰ,স্থানীয় ৰাইজ।
জাহিদুল ইছলাম, গোৱালপাৰা।