ETV Bharat / state

বছৰ বছৰ ধৰি উচিত মূল্যৰ পৰা বঞ্চিত গোৱালপাৰাৰ কৃষকসকল

author img

By

Published : Mar 16, 2020, 11:30 PM IST

বিভিন্ন ধৰণৰ খেতিৰে স্বাৱলম্বী হোৱাৰ পথত গোৱালপাৰা জিলাৰ গাৰোমাৰীৰ একাংশ খেতিয়ক।কিন্তু বছৰ বছৰ ধৰি উচিত মূল্যৰ পৰা বঞ্চিত এইসকল কৃষক।

golapara-farmer-sorrow
বছৰ বছৰ ধৰি উচিত মূল্যৰ পৰা বঞ্চিত গোৱালপাৰাৰ কৃষকসকল

গোৱালপাৰা,16 মাৰ্চঃ কৃষিকাৰ্যৰ লগত ব্যস্ত হৈ পৰিছে গোৱালপাৰাৰ গাৰোমাৰীৰ একাংশ গৃহিণী আৰু শিক্ষিত নিৱনুৱা যুৱক ।সেউজ বিপ্লব গঢ়াৰ উদ্দেশ্য লৈ গোৱালপাৰা জিলাৰ গাৰোমাৰীৰ খেতিয়কসকল ব্যস্ত হৈ পৰিছে কৃষিভূমিত ।বৰ্তমান গাঁওখনত ১০০ বিঘাতকৈও অধিক কৃষিভূমিত কবি,আলু,বেঙেনা,বিলাহী ৰুই একোটা চিজনত প্ৰত্যেকজন কৃষকেই উপাৰ্জন কৰিছে একৰ পৰা ডেৰ লাখ টকা পৰ্যন্ত । কবি, আলু,বিলাহী,বেঙেনা খেতিৰ উপৰিও ধানখেতিৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে এই সকল খেতিয়কে। নিবনুৱা যুৱক সকল হৈ পৰিছে বৰ্তমান সমাজ খনৰ এক আদৰ্শ।এইদৰে খেতিয়ক সকলৰ বুদ্ধিমত্তা, কৰ্মস্পৃহাৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজৰ অঞ্চলটোৰ বহু যুৱকে ইতিমধ্যে কৃষিৰ বৰ্ণিল ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰা পৰিলক্ষিত হৈছে।কিন্তু তেওঁলোকৰ চৰকাৰৰ প্ৰতি এটাই ক্ষোভ যে তেওঁলোকে আজি পৰ্যন্ত লাভ নকৰিলে কোনো চৰকাৰী সাহাৰ্য । বৰঞ্চ বছৰ বছৰ ধৰি উচিত মূল্যৰ পৰা বঞ্চিত হৈ ৰৈছে গোৱালপাৰাৰ কৃষকসকল ৷

লগতে পঢ়কঃনীল অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানিঃ আদালতত পুনৰ ভাষ্য সলনি সাক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.