ETV Bharat / state

উন্নয়নত সদিচ্ছাৰ অভাৱ গড়কাপ্টানি বিভাগৰ - পথ বিধ্বস্ত

লক্ষীপুৰৰ পৰা থৰ্কো হৈ মেঘালয়ৰ টিক্ৰিকিল্লাৰে সুদূৰ মানকাচাৰলৈ যোৱা পথছোৱা বিগত প্ৰায় তেৰটা বছৰে বিধ্বস্ত অৱস্থাত পৰি ৰৈছে ৷ শীঘ্ৰেই পথচোৱা মেৰামতি কৰাৰ আহ্বান স্থানীয় ৰাইজৰ ৷

উন্নয়নত সদিচ্ছাৰ অভাৱ গড়কাপ্টানি বিভাগৰ
author img

By

Published : Apr 4, 2019, 4:09 PM IST

গোৱালপাৰা,4এপ্ৰিলঃ গোৱালপাৰা জিলাৰ এটা অতি ব্যস্ত পথ ৷ জিলাখনৰ লক্ষীপুৰৰ পৰা থৰ্কো হৈ মেঘালয়ৰ টিক্ৰিকিল্লাৰে সুদূৰ মানকাচাৰলৈ যোৱা এই পথচোৱা বিগত তেৰ বছৰ ধৰিবিধ্বস্ত অৱস্থাত পৰি ৰৈছে ৷স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি গড়কাপ্তানি বিভাগ তথা স্থানীয় জনপ্ৰতিনিধিৰ উপেক্ষাত এইদৰেউন্নয়নৰ মুখ দেখাৰ পৰা বঞ্চিত হৈছেপথটো ৷ প্ৰায় তেৰটা বছৰে এইদৰে বিধ্বস্ত হৈ পৰি ৰোৱা পথটোত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত ৷ এনেকুৱা অৱস্থাৰে বছৰ বছৰ ধৰি যাতায়াত অব্যাহত ৰাখিছে স্থানীয় ৰাইজে ৷

উন্নয়নত সদিচ্ছাৰ অভাৱ গড়কাপ্টানি বিভাগৰ

এ আই ইউ ডি এফৰ বদৰউদ্দিন আজমলৰ সমষ্টিটোত এইদৰে বছৰ বছৰ ধৰি ৰাইজে প্ৰতাৰণাৰ বলি হৈ আহিছে ৷ নিৰ্বাচনৰ সময়ত ৰাইজৰ আগত ভোটা তৰাৰ দৰে দেখা দিয়া আজমলে মুখেৰে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পাচত পাহৰি যায় সকলো ৷এনে অৱস্থাত শীঘ্ৰেই পথচোৱা মেৰামতি কৰি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজ তথা বিশেষ অসুবিধাৰ সন্মুখীন হৈ অহাশিক্ষাৰ্থীসকলে ৷

Slug _ Goalpara Ruined PWD Road vis+byte send FTP.04.04.19
       
Anchor _ উন্নয়নত সদিচ্ছাৰ অভাৱ গড়কাপ্টানী বিভাগৰ। সমষ্টি উন্নয়নৰ ক্ষেত্ৰত তিল মানো গুৰুত্ব নাই স্থানীয় জনপ্ৰতিনিধিৰ। 
       বছৰ বছৰ ধৰি বিধ্বস্ত অৱস্থাত পৰি ৰৈছে এই পথটো। তৎস্বত্তেও মেৰামতিৰ নাম গোন্ধই নলয় জিলা গড়কাপ্টানী বিভাগে। 
     হয়! পথটোলৈ লক্ষ্য কৰক। গোৱালপাৰাৰ জলেশ্বৰ বিধান সভা সমষ্টিৰ অধীনস্থ পথ এইটো। লক্ষীপুৰ ৰ পৰা থৰ্কো হৈ মেঘালয়ৰ টিক্ৰিকিল্লাৰে সুদূৰ মানকাচাৰলৈ যোৱা পথ। এই পথছোৱা বিগত প্ৰায় তেৰটা বছৰেই এইদৰে পৰি ৰৈছে। প্ৰকাণ্ড প্ৰকাণ্ড গাঁত পাৰ হৈ এক ভয়ংকৰ যাত্ৰা অঞ্চলবাসী ৰাইজৰ। বাৰম্বাৰ দাবী জনোৱাৰ পিছতো নললে কোনো ধৰণৰ উন্নয়নৰ ব্যৱস্থা। 
      স্থানীয় ৰাইজৰ স্পষ্ট মত গোৱালপাৰাত নাই কোনো গড়কাপ্টানী বিভাগ। যাৰ ফলত এই অৱস্থা ৰাইজৰ।
   আনহাতে কাণ্ডজ্ঞানৰ অভাৱ স্থানীয় জনপ্ৰতিনিধিৰ। কোনো এগৰাকী জনপ্ৰতিনিধিয়ে নিদিয়ে উন্নয়নত গুৰুত্ব। এ আই ইউ ডি এফৰ দুৰ্গ স্বৰূপ সমষ্টিটোত সাংসদ বদৰ উদ্দিন আজমলে উন্নয়নৰ নামত বছৰ বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে সমষ্টি বাসীক। অকল নিৰ্বাচনৰ সময়তহে আহে সমষ্টিলৈ। এতিয়া নিৰ্বাচন আহিছে বদৰ উদ্দিনো আহিছে। কিন্তু সমষ্টি উন্নয়নৰ ক্ষেত্ৰত নিদিলে কোনো গুৰুত্ব। সম্প্ৰতি এই দৰেই  অব্যাহত ৰাখিছে যোগাযোগ ।
      গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.