ETV Bharat / state

গোৱালপাৰাত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ - নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি ঠিকাদাৰে অব্যাহত ৰাখিছে পথ নিৰ্মাণৰ কাম

নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি ঠিকাদাৰে অব্যাহত ৰাখিছে পথ নিৰ্মাণৰ কাম। ঠিকাদাৰৰ বিৰুদ্ধে চূড়ান্ত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ।

goalpara road corruption
গোৱালপাৰাত পথ নিৰ্মাণৰ নামত দুৰ্নীতি
author img

By

Published : Mar 24, 2020, 3:59 PM IST

Updated : Mar 24, 2020, 5:04 PM IST

গোৱালপাৰা,24 মাৰ্চঃ পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি । পকী পথত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ ঠিকাদাৰৰ । নিৰ্মাণৰ মাত্ৰ দুটা দিন পিছতেই উঠিবলৈ লৈছে পকী পথসমূহ। এয়া গোৱালপাৰা পশ্চিম আৰু জলেশ্বৰ ক্ষেত্ৰীয় গড়কাপ্তানী বিভাগৰ অধীনস্থ পথ। লক্ষীপুৰৰ শালপাৰাৰ পৰা ছাটাবাৰী মডেল হাইস্কুল হৈ দৰিয়াৰ পাৰলৈ যোৱা পথ। ৫.৪৯৪ কিলমিটাৰ পথছোৱা বিভাগে নিৰ্মাণৰ দায়িত্ব দিছিল এম/এছ পুচফাচ কন্সষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডক। প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণৰত পথটোত বিভাগে আৱণ্টন দিছিল ৬ কোটি ৪৮ লাখ ৬৮ হাজাৰ ৫ শ টকা। এই বৃহৎ অংকৰ ধনৰে ২০১৮ বৰ্ষৰ ২৬ মাৰ্চত কামৰ আৰম্ভণি কৰিছিল । বিভাগে কাম সম্পূৰ্ণ কৰাৰ সময় সীমা দিছিল ২৪ মাহ অৰ্থাৎ দুই বছৰ। কেইটামান দিন পিছতেই বিভাগীয় সময় সীমাও উকলি যাব । অথচ পুচফাচ কন্সষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে বৰ্তমানলৈকে পথছোৱাৰ অধিকাংশ কামেই সম্পূৰ্ণ কৰিব নোৱাৰিলে।
নিৰ্মাণৰ দুটা দিন পাৰ হোৱাৰ পিছতেই এৰিবলৈ আৰম্ভ কৰিছিল পকী পথটো। অকল এয়াই নহয় । পথ পকীকৰণৰ শেষৰ ষ্টেপত নদীৰ বগা নভঙা গোল আকাৰৰ মেটেলেৰে কাম কৰা পৰিলক্ষিত হৈছে । চাইদ বামৰ মাটি বেছিকৈ যাতে পেলাব নালাগে তাৰ বাবেই পথটোৰ ঠায়ে ঠায়ে জে চি বিৰে খান্দিছে । কাজেই খৰ্গহস্ত হৈ স্থানীয় ৰাইজে কাম বন্ধ কৰি দিছিল ।

গোৱালপাৰাত পথ নিৰ্মাণৰ নামত দুৰ্নীতি
স্থানীয় ৰাইজে দায়িত্বত থকা কাৰ্যবাহী অভিযন্তা দীপু দত্তক অভিযোগ দিছিল যদিও বৰ্তমানলৈকে পথছোৱা পৰীক্ষণৰ ব্যৱস্থা নললে। ফলত ঠিকাদাৰৰূপী কোম্পানীটোৱে পথছোৱাত চলাই গৈছে লুণ্ঠন। এই ক্ষেত্ৰত স্থানীয় ৰাইজে উচিত তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ।

লগতে পঢ়কঃমাৰ্কিন যুক্তৰাষ্ট্ৰত নিয়ন্ত্ৰণহীন হৈ পৰিছে কৰ'ণা আক্ৰান্তৰ ঘটনা!

Last Updated : Mar 24, 2020, 5:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.