ETV Bharat / state

গোৱালপাৰাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন - অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিন

গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত সোমবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে এখনি আলোচনা সভাৰ আয়োজন কৰা হয় । জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ উপস্থিতিত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ পৰা জিলাখনৰ বহু কেইগৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় ।

goalpara-press-day
গোৱালপাৰাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন
author img

By

Published : Nov 16, 2020, 10:22 PM IST

গোৱালপাৰা, 16 নৱেম্বৰ : গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত সোমবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে এখনি অলোচনা সভাৰ আয়োজন কৰা হয় । জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ উপস্থিতিত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ পৰা জিলাখনৰ বহু কেইগৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। লগতে মহামাৰী কৰ'ণাৰ সময়ত জিলাখনৰ সাংবাদিক সকলে বহু ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি বাতৰি সংগ্ৰহ কৰা কাৰ্যৰ শলাগ লয় জিলা অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিনে ।

goalpara-press-day
গোৱালপাৰাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কয় যে, গোৱালপাৰা জিলাৰ সাংবাদিকসকলে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনতা আৰু প্ৰশাসনৰ লগত এক ওতঃপ্ৰোত যোগাযোগ ৰক্ষা কৰি বাতৰি পৰিবেশন কৰাত জিলা খনৰ প্ৰতিটো বিভাগৰ অভাৱ-অভিযোগৰ বিষয়ে সহজে উপলব্ধ হৈছে । আলোচনা সভাত জিলা উপায়ুক্ত বৰ্ণালী ডেকাই কয় যে, কভিড ১৯ ৰ মহামাৰীৰ সময়ত গোৱালপাৰা জিলাৰ সাংবাদিকসকলে জিলা প্ৰশাসনৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজত গৈ ছেনিটাইজাৰৰ প্ৰয়োজনীয়তা , মাস্ক আদিৰ গুৰুত্বৰ বিষয়ে বিশেষ সজাগতা সৃষ্টি কৰাত অৰিহণা যোগাই আহিছে । সাংবাদিক সকলৰ নিৰাপত্তাৰ কথা উল্লেখ কৰি জিলা উপায়ুক্ত গৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলিও সাংবাদিক সকলক অবগত কৰে । প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলাখনৰ সাংবাদিক সকলৰ লগত বিভিন্ন বিষয়ত আলোচনা কৰি জিলা উপায়ুক্ত গৰাকীয়ে সাংবাদিক সকলৰ বিভিন্ন অভাৱ অভিযোগৰ ওপৰত আলোকপাত কৰে ।

goalpara-press-day
গোৱালপাৰাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

আজিৰ আলোচনা সভাত গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ সভাপতি আব্দুছ ছোবাহান, সম্পাদক উদিত নাৰায়ণ কলিতা, জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ শৰ্মা, ছৈয়দ ৰবিউল হক আদি কৰি জিলাখনৰ বহু কেইগৰাকী প্ৰবীন সাংবাদিকে ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক: বৰপেটাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.