ETV Bharat / state

Raid against cattle syndicate: গৰু চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে কঠোৰ গোৱালপাৰা আৰক্ষী - Operation against cow syndicate at Goalpara

গোৱালপাৰাত গৰুৰ অবৈধ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে (Goalpara police strict action against cattle syndicate)। স্থলপথৰ উপৰিও ব্ৰহ্মপুত্ৰ নৈত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । চৰ চাপৰি অঞ্চলত অভিযান চলোৱাৰ লগতে স্থানীয় লোকসকলক এই ক্ষেত্ৰত সজাগ কৰাৰ চেষ্টা গোৱালপাৰা আৰক্ষীৰ ।

Raid against cattle syndicate racket
গৰু চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে কঠোৰ গোৱালপাৰা আৰক্ষী
author img

By

Published : Jul 29, 2022, 6:32 PM IST

গোৱালপাৰা,২৯ জুলাই : ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle syndicate in Assam)। ইয়াৰ মাজতে সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বিভিন্ন স্থানত অভিযানো অব্যাহত ৰাখিছে । গোৱালপাৰাত শেহতীয়াকৈ গৰু চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । স্থলপথৰ উপৰিও এইবাৰ জলপথৰ জৰিয়তেও আৰক্ষীয়ে অভিযান চলাইছে ।

গৰু চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে কঠোৰ গোৱালপাৰা আৰক্ষী

গোৱালপাৰাৰ আৰক্ষী অধীক্ষক পি ভি ৰাকেশ ৰেড্ডীৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ নদীৰ চৰ চাপৰিত অভিযান চলায় আৰক্ষীৰ দলে (Operation against cow syndicate led by Goalpara SP)। লক্ষীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীমকান্ত পেগু, জলেশ্বৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনিময় তামুলীৰ সহযোগত বৃহৎ আৰক্ষীৰ দলে জিলাখনৰ চুনাৰীৰ পৰা ধুবুৰী আৰু গোৱালপাৰাৰ সীমান্ত বুঢ়াবুঢ়ীলৈকে নদী পথেৰে অভিযান চলোৱা দেখা গৈছে । আৰক্ষীৰ বৃহৎ দলটোৱে চুনাৰীৰ উপৰিও ছাপ্তাবাৰী, চুলকানিপাৰা, কদমতলাচৰ, জলেশ্বৰ বিল আদি কেইবাখনো চৰত অভিযান চলোৱাৰ উপৰিও গৰুৰ অবৈধ সৰবৰাহ বন্ধ কৰাৰ বাবে ৰাইজৰ সৈতে মত বিনিময় কৰে আৰক্ষী অধীক্ষক পি ভি ৰাকেশ ৰেড্ডীয়ে ।

উল্লেখ্য যে গোৱালপাৰা আৰক্ষীৰ গৰু সৰবৰাহ বিৰোধী অভিযান অব্যাহত ৰখাৰ ফলত বৰপেটা, বাঘবৰৰ একাংশ সৰবৰাহকাৰীয়ে ব্ৰহ্মপুত্ৰ নদী পথেৰে বাংলাদেশলৈ গৰুৰ সৰবৰাহ চলাই থকাৰ তথ্য পোৱা গৈছে । যাৰ বাবে গোৱালপাৰা আৰক্ষীয়ে স্থলপথৰ সমান্তৰালকৈ জলপথতো সমানে অভিযান অব্যাহত ৰাখিছে (Operation against cow syndicate at Goalpara)।

ইফালে চলিত বৰ্ষত গোৱালপাৰা আৰক্ষীয়ে গৰু চিণ্ডিকেট চক্ৰ বিৰোধী অভিযান চলাই ৩১ টা গোচৰ পঞ্জীয়ন কৰাৰ উপৰিও ৪১৫ টা গৰু উদ্ধাৰ কৰাৰ লগতে ৪ খন নাও আৰু ৪৪ গৰাকী লোকক কৰায়ত্ত কৰিছে । আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে সাংবাদিকৰ আগত কয় যে এই গৰু চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে আৰু এই অভিযানত কোনো সৰবৰাহকাৰী সাৰি যাব নোৱাৰিব বুলিও তেওঁ দাবী কৰে । আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে গৰু সৰবৰাহত জড়িত কোনো সৰবৰাহকাৰী ধৰা পৰিলে, সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে সা-সম্পত্তি বাজেয়াপ্ত কৰাৰো কঠোৰ সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়ক :Cattle Theft Incidents: সাৱধান: বিশ্বনাথত বিলাসী বাহনত ঘূৰিছে গৰু চোৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.