গোৱালপাৰা, 30 আগষ্ট: জেহাদী সংগঠনৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা মুফতি হাফিজুৰ ৰহমানক লগত লৈ গোৱালপাৰা আৰক্ষীৰ অভিযান (Mission against Jihadi in Goalpara)। বঙাইগাঁও জিলাৰ যোগীঘোপাস্থিত মাৰকাজুল মা আৰিফ মাদ্ৰাছাত চলায় এই অভিযান । মাদ্ৰাছাখনত শিক্ষকৰূপে আছিল মুফটী হাফিজুৰ ৰহমান ।
মঙলবাৰে আৰক্ষীয়ে চলোৱা অভিযানত বাংলা ভাষাত লিখা আনছাৰুল্লা বাংলা টিমৰ(Ansarullah Bangla Team) এখন প্ৰচাৰপত্ৰ জব্দ কৰাৰ উপৰিও AQIS ৰ সন্দেহজনক লগ’ উদ্ধাৰ কৰে । মাদ্ৰাছাখনৰ লগতে কাষতে থকা হাফিজুৰ ৰহমান নামৰ লোকজনৰ দোকানতো অভিযান চলায় আৰক্ষীয়ে । উক্ত অভিযান গোৱালপাৰা আৰু বঙাইগাঁও আৰক্ষীয়ে যৌথভাৱে চলায় ৷
উল্লেখ্য যে, আল-কায়দাৰ ভাৰত উপ-মহাদেশৰ সংযুক্ত সংস্থা আনছাৰুল্লাহ বাংলা টীমৰ বিশেষজ্ঞ হিচাবে থকা মৰিগাঁৱৰ মৈৰাবাৰীৰ মুফটিক প্ৰথমে আটক কৰাৰ পাছত সোধ-পোছৰ অন্তত 26 আগষ্টত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে (Jihadi arrested in Goalpara)৷ গ্ৰেপ্তাৰৰ পাছতে আদালতত হাজিৰ কৰোৱাই আৰক্ষীয়ে হাফিজুৰক ১৪ জিম্মাত বিচাৰিছিল যদিও ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছিল গোৱালপাৰা জিলা আদালতে ।
লগতে পঢ়ক: জেহাদী সন্দৰ্ভত বিস্ফোৰক মন্তব্য শিখা শৰ্মাৰ