ETV Bharat / state

গোৱালপাৰাত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Feb 22, 2020, 7:51 PM IST

গোৱালপাৰা পশ্চিম আৰু জলেশ্বৰ ক্ষেত্ৰীয় গড়কাপ্তানী পথ সংমণ্ডলৰ অধীনষ্ঠ খলিচাভিটা হিন্দুপাৰাৰ পৰা সাতশিয়া খামাৰলৈ যোৱা পথৰ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ বৰ্তমান পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিছে স্থানীয় ৰাইজে ৷

গোৱালপাৰাত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
গোৱালপাৰাত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

গোৱালপাৰা, 22 ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত গোৱালপাৰা পশ্চিম আৰু জলেশ্বৰ ক্ষেত্ৰীয় গড়কাপ্তানী পথ সংমণ্ডলৰ অধীনষ্ঠ খলিচাভিটা হিন্দুপাৰাৰ পৰা সাতশিয়া খামাৰলৈ যোৱা পথৰ নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হৈছিল ঠিকাদাৰ মোস্তাক মহম্মদ মোকসেদুৰ হাচানক ৷ ১.৬৪ কি:মি: পথচোৱাত বিভাগে নিৰ্মাণ ব্যয় ধাৰ্য কৰিছিল 1,23,29955 কোটি টকা ৷ এই পথটো নিৰ্মাণত এতিয়া দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে ৷ ৰাইজে বাৰে বাৰে ঠিকাদাৰ গৰাকীক ভালকৈ কাম কৰিবলৈ অনুৰোধ জনোৱা সত্বেও ৰাইজৰ কথাত গুৰুত্ব নিদিয়াৰ বাবে বৰ্তমান পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিছে স্থানীয় ৰাইজে ৷ এই ক্ষেত্ৰত উচিত তদন্ত কৰিবলৈ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়কঃ লেশমানো উন্নয়নে ঢুকি নোপোৱা এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.