ETV Bharat / state

গোৱালপাৰাৰ ফ্লৰেন্স হাস্পতালত উত্তপ্ত পৰিস্থিতি ! - গোৱালপাৰাৰ ফ্লৰেন্স হাস্পতালত উত্তপ্ত পৰিস্থিতি

যোৱা ৩ ছেপ্টেম্বৰত হঠাতে কেঁচুৱাটো পুনৰ অসুস্থ হৈ পৰে আৰু শুশ্ৰূষাৰ ক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে ।

goalpara heated situatuion in private hospital
গোৱালপাৰাৰ ফ্লৰেন্স হাস্পতালত উত্তপ্ত পৰিস্থিতি !
author img

By

Published : Oct 5, 2020, 7:08 PM IST

গোৱালপাৰা, 5 অক্টোবৰ : গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়, নাম ফ্লৰেন্স হস্পিতাল। সোমবাৰে দুপুৰীয়া চিকিৎসালয়খনত সৃষ্টি হয় এক অবাঞ্ছিত পৰিবেশৰ । এক সপ্তাহ পূৰ্বে বঙাইগাঁও জিলাৰ বিজনী কৈমাৰীৰ তাহাদুল ইছলামে তেখেতৰ 4 মহীয়া কণমানি সন্তানক ফ্লৰেন্স হস্পিতালত ভৰ্তি কৰিছিল । শিশুটিৰ পিতৃয়ে জানিবলৈ দিয়া মতে, প্ৰথম অৱস্থাত কেচুৱাটোৰ জ্বৰ আছিল আৰু এই হস্পিতালত চিকিৎসাধীন হৈ থকা অৱস্থাত বহু আৰোগ্য লাভ কৰিছিল। কিন্তু যোৱা ৩ ছেপ্টেম্বৰত হঠাতে কেঁচুৱাটো পুনৰ অসুস্থ হৈ পৰে আৰু শুশ্ৰূষাৰ ক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে । ইফালে সোমবাৰে দুপুৰীয়া এগৰাকী নাৰ্ছে কেঁচুৱাটোক অতিৰিক্ত গৰম পানী খুউৱাৰ ক্ষন্তেক পিছতে শিশুটিৰ মৃত্যু হয় বুলি অভিযোগ কৰে মৃত শিশুটিৰ পিতৃয়ে ৷

গোৱালপাৰাৰ ফ্লৰেন্স হাস্পতালত উত্তপ্ত পৰিস্থিতি !

এই ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসালয়খনত । চিকিৎসালয় চৌহদত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে চিকিৎসালয় চৌহদত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আনহাতে, হাস্পতাল কতৃপক্ষই সকলো অভিযোগ নস্যাৎ কৰি কয় যে, চিকিৎসালয়ত শিশুটোক পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰি থকা হৈছিল, কিন্তু নিয়তিৰ ওচৰত হাৰ মানি কেঁচুৱাটোৰ মৃত্যু হয় তথা এই মৃত্যু স্বাভাৱিক বুলি উল্লেখ কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক : প্ৰাক্তন এনডিএফবিৰ ধৰ্ণাত উত্তাল মুছলপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.