ETV Bharat / state

গোৱালপাৰাত গৰাখহনীয়া প্ৰতিৰোধৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ - গোৱালপাৰাত গৰাখহনীয়া প্ৰতিৰোধৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

জলজলী নৈৰ বাঢ়নী পানীয়ে গোৱালপাৰা পূৱ সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী চৰত গৰাখহনীয়াৰ সৃষ্টি কৰিছে । গৰাখহনীয়া প্ৰতিৰোধৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ।

erosion
গোৱালপাৰাত গৰাখহনীয়া প্ৰতিৰোধৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
author img

By

Published : Jun 10, 2021, 7:35 PM IST

গোৱালপাৰা,১০ জুন : গোৱালপাৰা জিলাৰ বিভিন্ন স্থান এতিয়া গৰাখহনীয়াৰ কৱলত পৰিছে । বহু গাঁৱলৈ তীব্ৰ ভাবুকি আহি পৰিছে । এনে জটিল সময়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি জাকিৰ হুছেইনৰ নেতৃত্বত এটা সঁজাতি দলে জিলাখনৰ গৰাখহনীয়া পৰিদৰ্শন কৰে ।

যি সময়ত কৰ'ণা মহামাৰীয়ে আৰ্থিক সংকট নমাই আনিছে তেনে সময়ত জলজলী নৈৰ গৰাখহনীয়াই শিঙিমাৰী অঞ্চলৰ ৰাইজৰ প্ৰতি তীব্ৰ ভাবুকি সৃষ্টি কৰিছে । কিন্তু এতিয়ালৈকে জিলা প্ৰশাসন তথা স্থানীয় বিধায়কে খবৰ ল'বলৈ আহৰি নোপোৱা বুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ নেতাসকলে ।

তেওঁলোকৰ অভিযোগ নিৰ্বাচনৰ প্ৰাকক্ষণত সকলো জন প্ৰতিনিধিয়ে ৰাইজৰ কাষত থিয় দিয়ে কিন্তু নিৰ্বাচনৰ পিছত জন প্ৰতিনিধিতক দেখা পোৱা নাযায় । যদি সঁচাকৈ চৰকাৰে বান মুক্ত অসম বিচাৰিছে তেন্তে অতি সোনকালে গোৱালপাৰা জিলাৰ বুদুৰ চৰ গাঁও পঞ্চায়তৰ শিঙিমাৰী চৰৰ লগতে বিভিন্ন জিলাৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি অনা অঞ্চলসমূহ পৰিদৰ্শন কৰি স্থায়ী বান্ধৰ ব্যৱস্থা কৰি বান মুক্ত কৰাৰ বাবে চৰকাৰক আহ্বান জনাই ছাত্ৰ নেতা জাকিৰ হুছেইনে ।

গোৱালপাৰাত গৰাখহনীয়া প্ৰতিৰোধৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

লগতে তেওঁ স্থানীয় প্ৰশাসনক সকীয়নি প্ৰদান কৰি কয় যে অতি সোনকালে শিঙিমাৰী চৰ অঞ্চলক জলজলী নৈৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰক অন্যথা গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'বলৈ সাজু হৈ থাকক । গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বান গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলিও উল্লেখ কৰে নেতাজনে ।

লগতে পঢ়ক:পথৰ দূৰৱস্থাই দুৰ্ভোগ ভুগাইছে টীয়কবাসীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.