ETV Bharat / state

Goalpara DFO: বালি মাফিয়াৰে মিতিৰালি গোৱালপাৰা জিলা বন বিষয়াৰ

বালি মাফিয়াৰে গোপন মিতিৰালি কৰাৰ অভিযোগ উত্থাপন হৈছে গোৱালপাৰা জিলা ডি এফ অ’ৰ বিৰুদ্ধে ৷ দুধনৈ আৰু কৃষ্ণাই নৈৰ বালি দীৰ্ঘদিন ধৰি অবৈধভাৱে খনন কৰি অহা হৈছে ৷ বন বিভাগৰ ছত্ৰ-ছায়াতেই বালিৰ অবাধ বেহা চলাৰ অভিযোগ ৷

author img

By

Published : Aug 15, 2023, 7:11 PM IST

Goalpara DFO
Goalpara DFO
বালি মাফিয়াৰে মিতিৰালি গোৱালপাৰা জিলা বন বিষয়াৰ

গোৱালপাৰা, 15 আগষ্ট: আজি দেশজুৰি পালন কৰা হ’ল 77 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ এই বিশেষ দিনটোত গোৱালপাৰৰ এক বিশেষ দৃশ্য এতিয়াও চৰ্চাৰ কাৰণ হৈ পৰিছে ৷ চৰ্চাৰ কেন্দ্ৰ বিন্দু হ’ল ডি এফ অ’ তেজশ মৰিস্বামী আৰু এগৰাকী ব্যক্তি ৷

স্বাধীনতা দিৱসৰ দিনা জনশূন্য কাৰ্যালয়ত ডি এফ অ’ তেজশ মৰিস্বামী ব্যস্ত হৈ আছে এগৰাকী বিশেষ ব্যক্তিৰ সৈতে বৈঠকত ৷ সেই বিশেষ ব্যক্তিগৰাকী কোনো স্বাধীনতা সংগ্ৰামী অথবা কোনো উচ্চপদস্ত বিষয়া নহয় ৷ সেই ব্যক্তিগৰাকী হ’ল বালি মাফিয়া হিচাবে জিলাখনত পৰিচিত চাহাবুল ইছলাম ওৰফে ইমৰাণ হুছেইন ৷ এগৰাকী বালি মাফিয়াৰ সৈতে বন বিষয়াৰ এই গোপন বৈঠক এতিয়াও জিলাখনৰ ৰাইজে সহজে ল’ব পৰা নাই ৷

As 01DW 8116 নম্বৰৰ স্কৰপিঅ’ বাহনখন ডি এফ অ’ৰ কাৰ্যালয়ৰ বাহিৰত ৰখাই থোৱা ৰাইজে প্ৰত্যক্ষ কৰাৰ পাচতেই পোহৰলৈ আহিছে এই ঘটনা ৷ ডি ফি অ’ কাৰ্যালয়ৰ ভি আই পি পাৰ্কিঙত ৰখাই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰা হয় বালি মাফিয়া চাহাবুল ইছলামৰ বাহন ৷ কিন্তু প্ৰশ্ন উঠিছে এজন কুখ্যাত বালি চোৰৰ সৈতে বন বিষয়াগৰাকীৰ সৈতে কি গোপন মিতিৰালি আছে ৷

মন কৰিবলগীয়া যে কেইমাহমান পূৰ্বে বালি মাফিয়া চাহাবুলৰ চুৰি বালি ভৰ্তি এখন ডাম্পাৰ খেদি খেদি বন বিভাগে ধৰিছিল । এই ঘটনা সন্দৰ্ভত বন বিভাগে থানাত গোচৰ দিয়াত চাহাবুলক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হৈছিল ।

ইফালে চাহাবুলৰ পত্নীয়ে বন বিভাগৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ ৷ কিন্তু ইমানৰ পাচতো ডি এফ অ’ তেজশ মৰিস্বামীয়ে গোৱালপাৰাত যোগদান কৰিয়েই বালি মাফিয়া চাহাবুলৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ ফলত দুষ্ট চক্ৰই দিনে-নিশাই দুধনৈ আৰু কৃষ্ণাই নৈৰ বালি স্থলপথ আৰু জলপথেৰে চোৰাংভাৱে সৰবৰাহ অব্যাহত ৰাখিছে ।

এই বিষয়ত সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ পোৱাৰ পাচতো এগৰাকী বালি মাফিয়াৰ সৈতে বন বিষয়াৰ গোপন বৈঠকে বহু ৰহস্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: Gutkha shop sealed: বৰপেটাৰোডত গুটখাৰ দোকান ছীল এছ টি এফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.