ETV Bharat / state

গোৱালপাৰাত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত: ক্ষুদ্ধ বিজেপি কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Mar 6, 2021, 8:41 PM IST

বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পিছতে গোৱালপাৰাত আৰম্ভ হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত । ৩৭ নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টি অসম গণ পৰিষদ দলক এৰি দিয়াত বিজেপি কৰ্মীসকল ক্ষোভিত হৈ পৰিছে । শনিবাৰে বিজেপিৰ মাটিয়া মণ্ডল কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে ক্ষুদ্ধ কৰ্মীসকলে ।

গোৱালপাৰাত ক্ষুদ্ধ বিজেপি কৰ্মীৰ প্ৰতিবাদ

গোৱালপাৰা, ৬ মাৰ্চ: শেহতীয়াকৈ বিজেপিয়ে প্ৰকাশ কৰা বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাক লৈ মুঠেও সন্তুষ্ট নহয় দলৰ একাংশ কৰ্মী । ৰাজ্যৰ ভিন্ন প্ৰান্তত এইসকল কৰ্মীয়ে নিজৰ দলৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে । কোনো ঠাইত বিজেপি দলৰে দুটা ফৈদৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে আৰু আন কোনো ঠাইত মিত্ৰ দলক সমষ্টি এৰি দিয়াক লৈ সংঘাতৰ সৃষ্টি হৈছে ।

গোৱালপাৰাতো এতিয়া বিজেপি কৰ্মীসকল ক্ষোভিত হৈ পৰিছে । কিয়নো, বিজেপিয়ে ৩৭ নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টি অসম গণ পৰিষদ দলক এৰি দিছে । বিজেপিৰ কৰ্মীসকলৰ মতে, সমষ্টিটোত বিজেপিৰ সাংগঠনিক ভেঁটি শক্তিশালী হৈ উঠাৰ পাছতো গেৰুৱা দলটোৱে সমষ্টিটো অগপ দলক এৰি কৰ্মীসকলক অসন্তুষ্ট কৰিছে ।

সেয়ে, শনিবাৰে বিজেপিৰ মাটিয়া মণ্ডলৰ ক্ষোভিত কৰ্মীসকলে মণ্ডল কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । লগতে সমষ্টিটোত বিজেপি দলৰ প্ৰাৰ্থীক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিব লাগে বুলি দাবী জনায় ।

লগতে পঢ়ক:কাশ্মীৰত অস্ত্ৰসহ দুজন লোকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.