গোৱালপাৰা, ২ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত ক্ৰমান্নয়ে পৰিৱেশ উত্তপ্ত হৈ উঠিছে৷এইবাৰ শাসকীয় বিজেপি দলৰ জিলা কাৰ্যালয়ত উৰিল ক'লা পতাকা। একাংশ প্ৰতিবাদকাৰীয়ে বিজেপিৰ কাৰ্যালয়ত ক'লা পতাকা উৰুৱাই ক্ষান্ত নাথাকি কাৰ্যালয়টোৰ সন্মুখৰ ৰাজপথত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰি বিজেপি বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
![undefined](https://s3.amazonaws.com/saranyu-test/etv-bharath-assests/images/ad.png)
শনিবাৰে ৭ বজাত গোৱালপাৰা চহৰৰ মাজমজিয়াস্থিত উদয়নগৰত থকা জিলা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ একাংশ প্ৰতিবাদকাৰী সমবেত হয়। গোৱালপাৰা আঞ্চলিক ছাত্ৰসন্থাৰ নেৰ্তৃত্বত সমবেত হোৱা প্ৰতিবাদকাৰীসকলে হাতে হাতে ক'লা পতাকা লৈ বিজেপি মুৰ্দাবাদ ধ্বনিৰে বিজেপি কাৰ্যালয়ৰ দুয়োফালে ক'লা পতাকা উৰুৱাই ।
মুখ্যমন্ত্ৰী সোনোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বিশাল পোষ্টাৰৰ ওপৰত ক'লা পতাকা উৰুৱাই প্ৰতিবাদীসকলে কাৰ্যালয়টোৰ সন্মুখৰ গোৱালপাৰা-আগিয়া ৰাজ্যিক ঘাইপথ অৱৰোধ কৰাৰ লগতে সভাপতি জনৰ পুত্তলিকা দাহ কৰে । দীৰ্ঘ সময় ধৰি ৰাজপথত উত্তাল প্ৰতিবাদ কৰাৰ অন্তত প্ৰতিবাদকাৰীসকলে বিজেপি কাৰ্যালয়ৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি সংবাদ মাধ্যমৰ স'তে মুখামুখি হয়।
উল্লেখ্য যে কালিৰ ঘটনাৰ খলনায়ক দিপাংকৰ ৰায়ক বিজেপিৰ পৰা বহিস্কাৰ কৰাৰ লগতে শীঘ্ৰেই গ্ৰেপ্তাৰ নকৰিলে আছুৱে ক্ষান্ত নাথাকে বুলি ছাত্ৰ নেতাজনে সকিয়াই দিয়ে । ইপিনে আছুৰ প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলী ত্যাগ কৰাৰ পিচতে আৰক্ষীৰ এটা দল জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয়খনৰ পৰা ক'লা পতাকা নমাই আনে ।