ETV Bharat / state

আব্দুলৰ পৰা বিডিঅ' ছাৰলৈ কোনে কিমান খায় ?

author img

By

Published : Feb 6, 2020, 3:22 PM IST

গোৱালপাৰাৰ হাচিলাবিল পাৰাত ৰাইজৰ টকাৰে পকেট গৰম কৰিছে কোনে ? হিতাধিকাৰীৰ বিস্ফোৰক ভাষ্য,আব্দুলৰ পৰা আৰম্ভ কৰি বিডিঅ' ছাৰ লৈকে সকলোকে সন্তুষ্ট কৰিব লাগে,নহ'লে কাম নহয় ৷ এইয়া আমাৰ অভিযোগ নহয়, গোৱালপাৰাৰ একাংশ হিতাধিকাৰীৰ অভিযোগ ৷

আব্দুলৰ পৰা বিডিঅ' ছাৰলৈ কোনে কিমান খায় ?
আব্দুলৰ পৰা বিডিঅ' ছাৰলৈ কোনে কিমান খায় ?

গোৱালপাৰা, 6 ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কি চলিছে গোৱালপাৰা জিলাত ? হিতাধিকাৰীক ধন মুকলি কৰি দিয়াৰ নামত বিষয়া কৰ্মচাৰীয়ে উৎকোচ লোৱাৰ অভিযোগ হিতাধিকাৰীৰ ৷ যাৰ বাবে ধনৰ অভাৱত বিগত চাৰি বছৰে অৰ্ধ নিৰ্মিত আৱাস গৃহ।

Goal para PMAY Corruption.assam etv bharat special report
ফটোত হিতাধিকাৰী সকলৰ একাংশ

প্ৰধান মন্ত্ৰী আৱাস যোজনা আচনিখন মুকলি কৰাৰ পাছত এই আচনিখন স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে ৰূপায়ণ কৰা হ'ব বুলি ৰাইজৰ আগত উদাত্ত কণ্ঠৰে ভাষণ দিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ গৃহ নিৰ্মাণৰ ধন প্ৰদান কৰিব বুলি কোৱা হৈছিল । কিন্তু প্ৰধানমন্ত্ৰীৰ ঘোষণা সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল গোৱালপাৰাত। কাৰণ ইয়াৰ জলন্ত উদাহৰণ গোৱালপাৰাৰ হাচিলাবিল পাৰা। অঞ্চলটোৰ প্ৰায় ৩০জনকৈ হিতাধিকাৰীয়ে ২০১৬-১৭ বৰ্ষত লাভ কৰিছিল পি এম এ ওৱাইৰ আৱাসগৃহ। উক্ত আচনিৰ ধনৰাশি আছিল ১ লাখ ৬০ হেজাৰ। তাৎপৰ্যপূৰ্ণ বিষয় এয়ে যে ২০১৬-১৭ বৰ্ষত গৃহ লাভ কৰা হিতাধিকাৰী সকলে বৰ্তমানলৈ লাভ কৰিছে মাত্ৰ ১ লাখ ৩০ হেজাৰ টকা।

ৰাইজৰ টকাৰে পকেট গৰম কৰিছে কোনে ?

আচনিৰ আৱন্টিত ধন অনুযায়ী হিতাধিকাৰীসকলে এতিয়াও পাবলৈ বাকী আছে ৩০ হেজাৰ টকা। ইপিনে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা গৃহ সম্পূৰ্ণ হ'লে সকলো ধন পাব বুলি কৈছিল যদিও আজিলৈ বাকী ধন ৰাশিৰ এটকাও পোৱা নাই। কিয়নো একাংশ হিতাধিকাৰীয়ে ঋণ লৈ গৃহ সমূহ সম্পূৰ্ণ কৰি এতিয়া বিপদত পৰিছে। আন একাংশই আকৌ ধনৰ অভাৱত সম্পূৰ্ণ কৰিব পৰা নাই গৃহৰ কাম। উল্লেখ্য যে, ২০১৬-১৭ বৰ্ষৰ ধন মোকলাই দিয়াৰ নামত একাংশ কৰ্মচাৰীয়ে উৎকোচ বিচৰা বুলিও অভিযোগ কৰিছে হিতাধিকাৰী সকলে। প্ৰাপ্য ধন বিচাৰি এতিয়া তাঁত বাটি কৰিব লগা হৈছে বালিজানা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়লৈ। প্ৰশ্ন হয় বাকী থকা ধন ৰাশি হিতাধিকাৰী সকলে পাবলৈ সক্ষম হ'বনে নে ঋণৰ বোজা মূৰত লৈ বিডিঅ',অভিযন্তা, ৱাৰ্ড মেম্বাৰৰ পকেট গৰম কৰাৰ আহিলা হ'ব ?

২০১৬-১৭ বৰ্ষতে আৱন্টন দিয়া গৃহ আজিও সম্পূৰ্ণ নহ'ল

লগতে চাওকঃনতুন বড়ো চুক্তিঃ জটিল বড়ো সমস্যাৰ অন্ত পেলাবলৈ সক্ষম হ'ব নে ?

Intro:Anchor:- গোৱালপাৰাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত চলিছে লুণ্ঠন। হিতাধিকাৰীক ধন মুকলি কৰি দিয়াৰ নামত বিষয়া কৰ্মচাৰীয়ে বিচাৰে উৎকোচ। ধনৰ অভাৱত চাৰি বছৰে অৰ্ধ নিৰ্মিত গৃহ।

Body:Anchor:- গোৱালপাৰাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত চলিছে লুণ্ঠন। হিতাধিকাৰীক ধন মুকলি কৰি দিয়াৰ নামত বিষয়া কৰ্মচাৰীয়ে বিচাৰে উৎকোচ। ধনৰ অভাৱত চাৰি বছৰে অৰ্ধ নিৰ্মিত গৃহ।

VO:- প্ৰধান মন্ত্ৰী আৱাস যোজনা আচনিখন মুকলি কৰিয়ে এই আচনিখন স্বচ্ছ আৰু নিকাৰে ৰূপায়ন কৰা হব বুলি ৰাইজৰ আগত উদত্ত কণ্ঠৰে ভাষণ দিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত সোমাব গৃহ নিৰ্মানৰ ধন। এতিয়া যেন সকলো ফুটুকাৰ ফেনত পৰিনত। তাৰেই জলন্ত উদাহৰন গোৱালপাৰাৰ হাচিলাবিল পাৰা। হাচিলাবিল পাৰাৰ প্ৰায় ৩০জনকৈ হিতাধিকাৰীয়ে ২০১৬-১৭ বৰ্ষত লাভ কৰিছিল পি এম এ ওৱাইৰ গৃহ। উক্ত আচনিৰ ধনৰাশি আছিল ১ লাখ ৬০ হেজাৰ। তাৎপৰ্যকৰ বিষয়ে ২০১৬-১৭ বৰ্ষত গৃহ লাভ কৰা হিতাধিকাৰী সকলে বৰ্তমানলৈ লাভ কৰিছে ১ লাখ ৩০ হেজাৰ টকা। আচনিৰ আৱন্টিত ধন অনুযায়ী এই সকল হিতাধিকাৰীয়ে এতিয়াও পাবলৈ বাকি আছে ৩০ হেজাৰ টকা। ইপিনে বিভাগীয় ফালৰ পৰা গৃহ সম্পূৰ্ণ হলে সকলো ধন পাব বুলি কৈছিল যদিও আজিলৈ বাকি ধন ৰাশিৰ এটাকও পোৱা নাই। কিয়নো একাংশ হিতাধিকাৰীয়ে ঋণ লৈ গৃহ সমুহ সম্পুৰ্ণ কৰি এতিয়া বিপদত পৰিছে। আন একাংশই আকৌ ধনৰ অভাৱত সম্পুৰ্ণ কৰিব পৰা নাই গৃহৰ কাম। তাৎপৰ্যকৰ যে, ২০১৬-১৭ বৰ্ষৰ ধন মোকলাই দিয়াৰ নামত একাংশ কৰ্মচাৰীয়ে উৎকোচ বিচৰা বুলিও অভিযোগ কৰিছে হিতাধিকাৰী সকলে। প্ৰাপ্য ধন বিচাৰি এতিয়া তাঁত বাটি কৰিব লগা হৈছে বালিজানা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়ত। প্ৰশ্ন হয় বাকি থকা ধন ৰাশি হিতাধিকাৰী সকলে পাবলৈ সক্ষম হবনে নে ঋণৰ বোজা মুৰত লৈ থাকিব লাগিব। এয়াই নে প্ৰধান মন্ত্ৰীৰ স্বচ্ছ আৰু নিকা আচনি।
শুনক এই সকল ভুক্তভোগী হিতাধিকাৰী সকলৰ মুখেৰে।

বাইট- ১,২,৩ হিতাধিকাৰী।

গোৱালপাৰা পৰা জাহিদুল ইছলাম, ই টিভি ভাৰত অসম।Conclusion:বাইট- ১,২,৩ হিতাধিকাৰী।

গোৱালপাৰা পৰা জাহিদুল ইছলাম, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.