ETV Bharat / state

Tense situation in Krishnai:কৃষ্ণাইত চোৰাং কাঠব্যৱসায়ীৰ আক্ৰমণত নিহত বনকৰ্মী

author img

By

Published : May 30, 2023, 1:55 PM IST

কৃষ্ণাইত বনবিভাগৰ লোকক আক্ৰমণ চোৰাং কাঠব্যৱসায়ীৰ (Timber smuggler attacks forest officials)। উক্ত দলবদ্ধ আক্ৰমণত এজন নিহত হয় আৰু আহত হৈছে তিনিজন বনকৰ্মী ।

Tense situation in Goalpara
কাঠ ব্যৱসায়ীৰ বনবিভাগৰ লোকক দলবব্ধ আক্ৰমণ

গোৱালপাৰা, ৩০ মে':গোৱালপাৰা জিলাৰ কৃষ্ণাইত সোমবাৰে নিশা বনবিভাগৰ লোকক চোৰাং কাঠ ব্যৱসায়ীৰ দলবব্ধ আক্ৰমণ (Forest Gaurd attacked by Timber smuggler)। চোৰাং কাঠভৰ্তি ট্ৰেক্টৰ জব্দ কৰিবলৈ যাওঁতেই দলবদ্ধভাৱে আক্ৰমন কৰে বনবিভাগৰ লোকক । কাঠ ব্যৱসায়ীৰ আক্ৰমণত এজন বনকৰ্মী নিহত হয় । আনহাতে উক্ত ঘটনাত আহত হৈছে আন তিনিজন বনকৰ্মী । এই ঘটনাত নিহত বনকৰ্মীজন হৈছে ৰাজবীৰ আহমেদ । আহত কেইজন হৈছে ক্ৰমে মবিনুৰ ৰহমান, নজৰুল ইছলাম আৰু মোস্তফা আলী । আহত তিনিওকে গুৱাহাটীৰ জি এন আৰ চি ত ভৰ্তি কৰোৱা হৈছে (Tense situation in Goalpara)।

গোৱালপাৰা জিলাৰ কৃষ্ণাই শালপাৰা দৰাপাৰাত ভয়ঙ্কৰ আক্ৰমণৰ ঘটনা । বন বিভাগৰ লোকক চোৰাং কাঠ ব্যৱসায়ীয়ে লাঠি,জুং,দা আৰু কুঠাৰ লৈ আক্ৰমণ কৰে । উল্লেখ্য় যে,যোৱা নিশা ১১ মান বজাত কৃষ্ণাই আঞ্চলিক বন বিষয়া শিবামণি পেগুই আঞ্চলিক বন বিভাগৰ অধীনস্থ বৰ মাটিয়া প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত একাংশ চোৰাং ব্যৱসায়ীয়ে গছ কটা বুলি খবৰ লাভ কৰে । উক্ত খবৰৰ ভিত্তিত কৃষ্ণাই আঞ্চলিক বন বিভাগৰ চাৰিজনকৈ বনকৰ্মীক প্ৰেৰণ কৰে ।

বনকৰ্মীৰ দলটোৰ ঘটনাস্থলীত উপস্থিত হৈ চোৰাং কাঠৰ ব্যৱসায়ীৰ সৈতে প্রথমে বাক-বিতণ্ডা হয় যদিও বনবিভাগৰ লোকে প্ৰত্য়ুত্তৰ নিদিয়াকৈ ঘটনাস্থলীৰ পৰা জব্দ কৰে চোৰাংভাৱে কটা শাল গছৰ কুণ্ডা ভৰ্তি ট্ৰেক্টৰ । জব্দকৃত শাল গছ ভৰ্তি ট্ৰেক্টৰ আনিবলৈ লওতেই চোৰাং কাঠ ব্যৱসায়ী কেইজনে বৰ্বৰ ভাৱে দা, কুঠাৰ, জুং লৈ উপৰ্যুপৰি আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে বনকৰ্মীৰ দলটোক । চোৰাং কাঠ ব্যৱসায়ীৰ বৰ্বৰ আক্ৰমণত ঘটনাস্থলীতে ৰক্তাক্ত হৈ ঢলি পৰে চাৰিজনকৈ বনকৰ্মী । ঘটনাস্থলীৰ পৰা কোনোমতে প্ৰাণ লৈ পলায়ন কৰে বনকৰ্মীৰ গাড়ী চালকে ।

পলায়ন কৰি গাড়ী চালকে কৃষ্ণাই আঞ্চলিক বনবিষয়া পেগুক খবৰ দিয়ে । বনবিষয়াগৰাকীয়ে তৎক্ষণাত কৃষ্ণাই আৰক্ষী থানাত খবৰ দিয়াত কৃষ্ণাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰক্তাক্ত অৱস্থাত চাৰিজনকৈ বনকৰ্মীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে অৱস্থা সংকটজনক দেখি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ কিন্তু কামৰূপৰ বকো নাপাওতেই ৰাজবীৰ আহমেদ নামৰ বনকৰ্মীজনে শেষ নিশ্বাস ত্যাগ কৰে । ৰাজবীৰ আহমেদৰ মৃতদেহ গোৱালপাৰালৈ আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হয় ।

উল্লেখ্য় যে, গোৱালপাৰা জিলাৰ চাৰিটাকৈ আঞ্চলিক বনবিভাগৰ অধীনস্থ সংৰক্ষিত বনাঞ্চল সমূহত চোৰাং কাঠ ব্যৱসায়ীৰ সৈতে একাংশ বনকৰ্মীয়ে মিতিৰালি কৰি এফালৰ পৰা কুমলীয়া শাল, চেগুন গছ কাটি তহিলং কৰাৰ অভিযোগ দীর্ঘদিনীয়া । গোৱালপাৰা জিলাৰ সংৰক্ষিত বনাঞ্চল সমূহ সুৰক্ষিত কৰি ৰখাত এক প্ৰকাৰ ব্যৰ্থ হৈছে বনবিভাগৰ লোক ।

লগতে পঢ়ক:Morigaon Ex MLA passes away: মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.