ETV Bharat / state

পানীৰ তলত নগৰবেৰাৰ আটাইকেইখন গাওঁ - নগৰবেৰা

নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত আটাইকেইখন ৰাজহ গাঁও বানত ডুব যোৱাৰ পাছত ৰাজহ চক্ৰ বিষয়াৰ দায়িত্বজ্ঞানহীন মন্তব্যত ক্ষোভিত স্থানীয় লোক

পানীৰ তলত নগৰবেৰাৰ আটাইকেইখন গাওঁ
author img

By

Published : Jul 16, 2019, 7:41 PM IST

গোৱালপাৰা, 16 জুলাইঃ বানৰ বিভীষিকাত আতংকিত নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত অৰ্ধশতাধিক গাঁওৰ পৰিয়াল। ইতিমধ্যে নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত আটাইকেইখন ৰাজহ গাঁও বানত ডুব যোৱাৰ লগতে বহিঃ জগতলৈ যোগাযোগ স্থাপন কৰা 9 টাকৈ পথ ব্যাহত হৈ পৰিছে। ইয়াৰোপৰি সমগ্ৰ অঞ্চলটোত বিদ্যুৎ বিভাগে অনিৰ্দিষ্ট কাললৈ বিদ্যুৎ কৰ্ত্তন কৰাৰ লগতে বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে, ইয়াৰ পাছতো ৰাজহ চক্ৰ বিষয়াই কোনো লোক বানৰ কৱলত ক্ষতিগ্ৰস্ত হোৱা নাই বুলি হাস্যকৰ মন্তব্য দিয়াত ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল ।

Intro:slug: as_gol_nagarbera_flood_spl_pkg_story_vis4+byt2_7203844

গোৱালপাৰা, 16 জুলাই: বানে বিপৰ্যস্ত কৰিছে কামৰূপ জিলাৰ নগৰবেৰাৰ জনজীৱন।Body:slug: as_gol_nagarbera_flood_spl_pkg_story_vis4+byt2_7203844

বানৰ বিভীষিকাত আতংকিত এতিয়া নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত অৰ্ধশতাধিক গাঁওৰ লক্ষাধিক পৰিয়াল । চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তথ্য মতে ৰাজহ চক্ৰৰ অন্তৰ্গত আটাইকেইখন ৰাজহ গাঁও (২৭খন) ইতিমধ্যে বানত ডুব গৈছে। নগৰবেৰাৰ পৰা বহিঃজগতলৈ যোগাযোগ স্থাপন কৰা ৯ খন পথ ব্যাহত হৈ পৰিছে। কেইবাখন পথ বানে উটুৱাই নিয়া বুলি জানিব পৰা গৈছে। নগৰবেৰাত ইতিমধ্যে অনিৰ্দিষ্ট কাললৈ বিদ্যুৎ কৰ্ত্তন কৰিছে বিদ্যুৎ বিভাগে । সতৰ্কতা মূলক ব্যৱস্থা হিচাপে গ্ৰহন কৰা হৈছে এই পদক্ষেপ। ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰত্যেকখন গাঁও বিশ্চিন্ন হৈ পৰিছে যাতায়াতৰ ক্ষেত্ৰত।
বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ পাছতো টিঙৰ পৰা যেন ননমা হৈছে প্ৰশাসন। ৰাজহ চক্ৰৰ অন্তৰ্গত আটাইকেইখন গাঁও জলমগ্ন হোৱাৰ পাছতো ৰাজহ চক্ৰ বিষয়াৰ মতে কোনো লোক বানত কৱলত পৰা নাই বুলি হাস্যকৰ মন্তব্য কৰে প্ৰতিদিন টাইমৰ কেমেৰাৰ আগত। দায়িত্বত থকা দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াইও একেই মন্তব্য আগবঢ়াই। ইপিনে আমাৰ হাতত পৰা তথ্য মতে ৰাজহ চক্ৰৰ অন্তৰ্গত কেবা ঠাইত আশ্ৰয় শিবিৰ স্থাপন কৰি বানাক্ৰান্ত পৰিয়াল আশ্ৰয় গ্ৰহন কৰিছে আৰু আশ্ৰয় শিবিৰ সমুহত খোৱা পানীৰ লগতে খাদ্যৰ অভাৱ হৈছে। বানত ৰাজহ চক্ৰৰ অন্তৰ্গত অৰ্ধশতাধিক গাঁওৰ লক্ষাধিক পৰিয়াল আক্ৰান্ত হোৱাৰ পাছতো বন্যাৰ্ত সকলক ন্যূনতম বান সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা নাই প্ৰশাসনে। শীঘ্ৰেই নগৰবেৰাৰ বান পৰিস্থিতিৰ বুজ লবলৈ জিলা প্ৰশাসনক দাবী জনাইছে বানাক্ৰান্ত জনতা।
ইপিনে বানত ডুব গৈছে নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, নগৰবেৰা থানা, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদৰ লগতে প্ৰতিখন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান।Conclusion:slug: as_gol_nagarbera_flood_spl_pkg_story_vis4+byt2_7203844

Byte 1 : ৰাজহ চক্ৰ বিষয়া।

জাহিদুল ইছলাম, গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.