গোৱালপাৰা, 19 ডিচেম্বৰ : ‘‘বৰশী বাইছা নে পুঙালৈ চাইছা নে ’’ বিহু গীতটো নিশ্চয় আপুনিও শুনিছে ! অথবা ল’ৰালি কালত পুখুৰী বা নৈ পাৰত বৰশী ৱোৱাৰ কথা আপোনাৰ মনত আছে নে ! সেই বৰশী বোৱা ৰোমাঞ্চকৰ এটা পৰিৱেশলৈ যদি আপোনাক লৈ যোৱা যায় তেতিয়া হ’লে আপোনাৰো নিশ্চয় স্মৃতি সজীৱ হৈ পৰিব ৷ কিন্তু বিশ্বায়নৰ দিনত বৰশী বোৱাৰ সময়ে বা ক’ত ! তথাপিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে বৰশী বোৱাৰ প্ৰতিযোগিতা ৷
গোৱালপাৰা জিলাৰ দুধনৈত মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হ’ল সমূহীয়া বৰশী বোৱা প্ৰতিযোগিতা ৷ আজি পুৱাৰ পৰা দুধনৈৰ মাজুবৰগুম গাঁৱৰ প্ৰাক্তন বিধায়ক দীপক ৰাভাৰ প্ৰায় 14 বিঘা ভূমিৰ দুটা বৃহৎ আকাৰৰ পুখুৰীত আৰম্ভ হয় বৰশী বোৱা প্ৰতিযোগিতা ৷ উক্ত প্ৰতিযোগিতাত প্ৰায় দুই হাজাৰৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷
উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আজি পুৱাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ আৰু নাগালেণ্ডৰ পৰা অহা প্ৰতিযোগীৰে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় মাজুবৰগুম গাঁৱত ৷ ইফালে বৰশী বোৱা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে থাকিব 13 লাখ টকীয়া মাৰুতি জীমনি, দ্বিতীয় পুৰস্কাৰ হিচাপে মাৰুতি এছপ্ৰেছো আৰু তৃতীয় পুৰস্কাৰ হিচাপে থাকিব মাৰুতি অল্ট’ বাহন ৷ তদুপৰিও চতুৰ্থ পুৰস্কাৰত নগদ 1 লাখ টকা, পঞ্চম পুৰস্কাৰত 75 হাজাৰ টকা আৰু ষষ্ঠ পুৰস্কাৰত 40 হাজাৰ টকা থাকিব ৷ প্ৰতিযোগিতাতখনত সৰ্বমুঠ 66 টা পুৰস্কাৰ থাকিব বুলি জানিবলৈ দিছে আয়োজক কমিটিয়ে ৷
লগতে পঢ়ক : বিৰোধীৰ কথা অৰ্থহীন, জনসাধাৰণে বিশ্বাসত নলয় সেয়া প্ৰমাণ হ’ল : অতুল বৰা