গোৱালপাৰা, 3 আগষ্ট : গোৱালপাৰাৰ সুতাৰপাৰাত বৃহৎ সাৰ কেলেংকাৰী । পাঁচ শতাধিক দৰিদ্ৰ কৃষকৰ নামত প্ৰতিমাহে সুলভ মূল্যৰ বৃহৎ পৰিমাণৰ সাৰ ক'লা বজাৰত বিক্ৰী কৰিছে মনোৱাৰ হুছেইন নামৰ এজন যুৱকে । ৰাইজৰ তৎপৰতাত আটক হ’ল মনোৱাৰ হুছেইন । 2012 চনত মনোৱাৰ হুছেইন নামৰ যুৱকজনে স্থানীয় কেইজন মান ব্যক্তিক লৈ গঠন কৰিছিল এখন সমিতি । ইয়াৰ পাচত Agril Inputs Co-operative Society পঞ্জীয়ন কৰি প্ৰায় পাঁচ শতাধিক কৃষকক হিতাধিকাৰী হিচাপে কাৰ্যালয়ত দাখিল কৰে । কিন্তু এই বৃহৎ সংখ্যক কৃষকৰ নামত প্ৰতি মাহে শ শ কুইন্টল সুলভ মূল্যৰ সাৰ আৰু অন্যান্য কৃষিজাত সামগ্ৰী ক'লা বজাৰত বিক্ৰী কৰি আহিছে বুলি অভিযোগ কৰে হিতাধিকাৰী সকলে । আৰ টি আই ৰ তথ্যত পোহৰলৈ আহিছে এই তথ্য ৷ একাংশ হিতাধিকাৰীৰ গোচৰৰ ভিত্তিত মাটিয়া আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মনোৱাৰ হুছেইনক । লগতে, কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে মনোৱাৰ হুছেইনৰ ৷
গোৱালপাৰাত সাৰ কেলেংকাৰী;আটক 1 - কলা বজাৰ
দৰিদ্ৰ কৃষকৰ নামত আৱন্টিত সাৰ ক'লা বজাৰত বিক্ৰী ৷ মনোৱাৰ হুছেইন নামৰ এজনক আটক ৷
গোৱালপাৰা, 3 আগষ্ট : গোৱালপাৰাৰ সুতাৰপাৰাত বৃহৎ সাৰ কেলেংকাৰী । পাঁচ শতাধিক দৰিদ্ৰ কৃষকৰ নামত প্ৰতিমাহে সুলভ মূল্যৰ বৃহৎ পৰিমাণৰ সাৰ ক'লা বজাৰত বিক্ৰী কৰিছে মনোৱাৰ হুছেইন নামৰ এজন যুৱকে । ৰাইজৰ তৎপৰতাত আটক হ’ল মনোৱাৰ হুছেইন । 2012 চনত মনোৱাৰ হুছেইন নামৰ যুৱকজনে স্থানীয় কেইজন মান ব্যক্তিক লৈ গঠন কৰিছিল এখন সমিতি । ইয়াৰ পাচত Agril Inputs Co-operative Society পঞ্জীয়ন কৰি প্ৰায় পাঁচ শতাধিক কৃষকক হিতাধিকাৰী হিচাপে কাৰ্যালয়ত দাখিল কৰে । কিন্তু এই বৃহৎ সংখ্যক কৃষকৰ নামত প্ৰতি মাহে শ শ কুইন্টল সুলভ মূল্যৰ সাৰ আৰু অন্যান্য কৃষিজাত সামগ্ৰী ক'লা বজাৰত বিক্ৰী কৰি আহিছে বুলি অভিযোগ কৰে হিতাধিকাৰী সকলে । আৰ টি আই ৰ তথ্যত পোহৰলৈ আহিছে এই তথ্য ৷ একাংশ হিতাধিকাৰীৰ গোচৰৰ ভিত্তিত মাটিয়া আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মনোৱাৰ হুছেইনক । লগতে, কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে মনোৱাৰ হুছেইনৰ ৷
Anchor : গোৱালপাৰা জিলাৰ সুতাৰপাৰাত পোহৰলৈ আহিছে বৃহৎ সাৰ কেলেংকাৰী। পাঁচ শতাধিক দৰিদ্ৰ কৃষকৰ নামত প্ৰতি মাহে সুলভ মূল্যৰ বৃহৎ পৰিমাণৰ সাৰ উঠাই কলা বজাৰত বিক্ৰী কৰিছে মনোৱাৰ হুছেইন নামৰ এজন যুৱকে । ৰাইজৰ তৎপৰতাত আটক হল মনোৱাৰ হুছেইন । কিন্তু কেনেকৈ মনোৱাৰে সংঘটিত কৰিছে এই বৃহৎ সাৰ কেলেংকাৰী?? চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ।Body:slug: as_gol_3aug_big_fertilizer_scam_&_1detained_spl_pkg_vis5+byte4_7203844
V. O : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ সাৰ কেলেংকাৰী সন্দৰ্ভত তদন্তৰ নিৰ্দ্দেশ দিয়াৰ সময়তে গোৱালপাৰা জিলাৰ সুতাৰপাৰাত উন্মোচিত হৈছে বৃহৎ সাৰ কেলেংকাৰী। সুতাৰপাৰাৰ পাঁচ শতাধিক দৰিদ্ৰ কৃষকৰ নামত মনোৱাৰ হুছেইনে দীৰ্ঘদিন ধৰি চলাই আহিছে এই সাৰ কেলেংকাৰী। ২০১২ চনৰ কথা। অঞ্চলটোৰ মনোৱাৰ হুছেইন নামৰ যুৱকজনে স্থানীয় কেইজন মান ব্যক্তিক লৈ গঠন কৰিছিল এটি সমিতি। কিন্তু পৰৱৰ্তী সময়ত মনোৱাৰ হুছেইনক এই সমিতিৰ বিষয়ে সোধাত সমিতিখন হোৱা নাই বুলি পতিয়ন নিয়ায়। এয়াই আছিল মনোৱাৰ হুছেইনৰ মিথ্যাচাৰ। সহজ সৰল কৃষকক বিপথে পৰিচালিত কৰিলেও শেষতীয়াকৈ সত্যটো ওলাই পৰিল। অঞ্চলটোৰ আব্দুছ ছামাদ নামৰ এজন সচেতন যুৱকৰ RTI তথ্যই মনোৱাৰ হুছেইনৰ সকলো জালিয়াতি পোহৰলৈ আনিলে। দৰাচলতে ২০১২ চনতে মনোৱাৰ হুছেইনে Agril Inputs Co-operative Society পঞ্জীয়ন কৰি প্ৰায় পাঁচ শতাধিক কৃষকক হিতাধিকাৰী হিচাপে কাৰ্যালয়ত দাখিল কৰে। আৰু মনোৱাৰ হুছেইনে অঞ্চলটোৰ এই বৃহৎ সংখ্যক কৃষকৰ নামত প্ৰতি মাহে শ শ কুইন্টল সুলভ মূল্যৰ সাৰ আৰু অন্যান্য কৃষিজাত সামগ্ৰী উঠাই নিৰ্বিঘ্নে কলা বজাৰত বিক্ৰী কৰি আহিছে বুলি অভিযোগ কৰিছে স্বয়ং হিতাধিকাৰী সকলে। কি কয় হিতাধিকাৰী সকলে শুনক.... । হয়, এই সকল কৃষকৰ কথাই সঁচা। বিগত ৮ বছৰে অঞ্চলটোৰ এজন কৃষককো দিয়া নাই এমুঠি এনে সুলভ সাৰ। হিতাধিকাৰীৰ মাজত সুলভ মূল্যৰ সাৰ বিতৰণ কৰা বুলি ভুৱা তালিকা প্ৰস্তুত কৰি জাল চিপচহী মাৰি প্ৰতিমাহে বিভাগক জমা দি আহিছে মনোৱাৰ হুছেইনে। কেৱল এয়াই নে?? এইখিনিতেই ক্ষান্ত থকা নাই মনোৱাৰ হুছেইন। সমিতিৰ কমিটিৰ, ভাইচ চেয়াৰমেনকো অন্ধকাৰত ৰাখি সুদীৰ্ঘদিন ধৰি মনোৱাৰে চলাই আহিছে এই জালিয়াতি। কি কয় সমিতিৰ Vice- Chairman এ শুনক..
V. O : সুদীৰ্ঘ ৮ বছৰে মনোৱাৰ হুছেইনে কেনেকৈ চলাই আহিছে এই বৃহৎ কেলেংকাৰী?? মনোৱাৰ হুছেইনৰ এনে ভয়ংকৰ কেলেংকাৰী জালিয়াতিৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষ অৱগত নাছিল নেকি?? একাংশৰ মতে মনোৱাৰ হুছেইনৰ এই জালিয়াতি কেলেংকাৰীৰ সকলো কথা জানিছিল কৰ্তৃপক্ষই। কিয়নো RTI কৰ্মীক আজিও প্ৰদান কৰা নাই সকলো তথ্যপাতি। তাৰোপৰি কৃষকৰ মাজত সাৰ বিতৰণ কৰা বুলি যি হিতাধিকাৰীৰ তালিকা কাৰ্যালয়ত জমা দিয়া তালিকাৰ চিপচহী সমুহ এটা আঙুলিৰ আছিল।
V. O : কিন্তু মনোৱাৰ হুছেইনৰ সকলো জালিয়াতি ফাঁক হৈ গল। সচেতন যুৱক আব্দুছ ছামাদৰ অহৰহ প্ৰচেষ্টাই মনোৱাৰ হুছেইনৰ সকলো জালিয়াতি পোহৰলৈ আনিলে। একাংশ এনে হিতাধিকাৰীৰ গোচৰৰ ভিত্তিত মাটিয়া আৰক্ষীয়ে ইতিমধ্য আটক কৰিছে মনোৱাৰ হুছেইনক। কিন্তু দৰিদ্ৰ কৃষকৰ দাবী কঠোৰতম শাস্তি বিহিব লাগে প্ৰৱঞ্চক মনোৱাৰ হুছেইনক। সুতাৰপাৰা অঞ্চলৰ শ শ কৃষকৰ এই দাবী কাৰ্যকৰী হবনে?? এয়া এক লাখ টকীয়া প্ৰশ্ন হৈ ৰল।Conclusion:slug: as_gol_3aug_big_fertilizer_scam_&_1detained_spl_pkg_vis5+byte4_7203844
Byt 1 : হিতাধিকাৰী/বেনিফিছাৰী
Byte 2 : আব্দুছ ছামাদ, RTI কৰ্মী
Byte 3 : Vice Chairman
গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ ৰিপোৰ্ট, ই টি ভি ভাৰত অসম।