পশ্চিম গোৱালপাৰা ,19 জুলাইঃ পশ্চিম গোৱালপাৰাৰ বগুৱান আৰক্ষী থানাৰ অধীনস্থ বাতাবাৰী টিলাপাৰাত ভূমি সম্পত্তিক লৈ আত্মীয়ৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা। এই ঘটনাত গুৰুতৰভাবে আহত হয় সাতজনকৈ লোক । আহত লোক কেইজনক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৰাইজে। আজি পুৱা মুক্তাৰ হুছেইন নামৰ লোকজনে খেতি পথাৰত কাম কৰি আছিল। সেই সময়ত মুক্তাৰৰ নিজ খুৰাক আব্দুল ওৱাহাবে কেইজনমান ভেৰোণীয়া গুণ্ডাবাহিনী লৈ মুক্তাৰক গুৰুতৰ ভাবে আহত কৰি থৈ আব্দুলওৱাহাব গৃহত উপস্থিত হয়।
আনহাতে খুৰাকৰ এনে কাণ্ডত খৰ্গহস্ত হৈ পৰে স্থানীয় ৰাইজ। উত্তেজিত ৰাইজে যুৱক কেইজনসহ খুৰাকৰ পৰিয়ালৰ আন সদস্যৰ ওপৰত আক্ৰমণ চলায়। ইয়াৰোপৰি উত্তেজিত জনতাই আব্দুল ওৱাহাবৰ গৃহত অগ্নি সংযোগ কৰে। ইতিমধ্যে ঘটনাস্থলীত বগুৱান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখযোগ্য যে আব্দুল ওৱাহাব নামৰ লোকজনে মুক্তাৰ হুছেইনৰ পিতৃৰ মৃত্যু ঘটাৰ পিছতো মাটিৰ ভাগ বাটোৱাৰা নকৰাৰ ফলত এই ঘটনা সংঘটিত কৰা বুলি জনায় পৰিয়ালৰলোকে। দীৰ্ঘ দিনৰ পৰাই খুড়া ভতিজাৰ মাজত মাটিক লৈ চলা এনে কাৰ্য্যই অৱশেষত চূড়ান্ত ৰূপ লয়।