গোৱালপাৰা, ৩১জুলাই:সমগ্ৰ দেশতে শনিবাৰে আৰক্ষী তথা নাৰ্কটিক্সে(Narcotics Control Bureau)বিভিন্ন সময়ত বিভিন্ন স্থানত জব্দ কৰা নিচাযুক্ত দ্ৰৱ্য দাহন তথা বিনষ্ট কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে(Seized Drugs burnt all over India)। গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশক্ৰমে প্ৰতিখন ৰাজ্যতে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ অংশ হিচাবে অসমত নিচাযুক্ত দ্ৰৱ্য ৰাজহুৱাভাৱে বিনষ্ট কৰা হৈছে ।
এনে কঠোৰ পদক্ষেপৰ মাজতে ৰাজ্য়ত অবাধে চলি আছে ড্ৰাগছৰ বেহা ।গোৱালপাৰাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে(Drugs seized at krishnai in Goalpara)।জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ৫ লক্ষাধিক হ'ব বুলি আৰক্ষীয়ে সদৰি কৰিছে ।
আৰক্ষী সৃত্ৰই সদৰি কৰা অনুসৰি গোৱালপাৰা জিলা কৃষ্ণাইত যোৱা নিশা নিষিদ্ধ ড্ৰাগছ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলোৱা হয়৷উক্ত অভিযানত জিলাখনৰ কৃষ্ণাইৰ ঝৰাবুড়ীত এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে ১২৫ গ্ৰাম হেৰ'ইন আৰু As-13F-4252নম্বৰৰ এখন চাৰিচকীযা বাহন জব্দ কৰে৷আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন মানকাচৰ জিলাৰ ফকিৰগঞ্জৰ নৰুল হক বুলি চিনাক্ত কৰিছে ৷ ইতিমধ্য়ে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধ-পোছ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক:Drugs Disposal at Diphu: ডিফুত ২ কোটি ৭২ লাখ টকা মূল্যৰ ড্ৰাগছ দাহন