ETV Bharat / state

সংগ্ৰাম আৰু সাহসৰ অন্য এক নাম ড৹ বিৰুৱালা ৰাভা - বিৰুৱালা ৰাভা

আজি আন্তৰ্জাতিক নাৰী দিৱস । নাৰী দিৱসৰ বিশেষ দিনটোত আমি ক'ব খুজিছোঁ এগৰাকী ব্যতিক্ৰমী মহিলাৰ কথা । কেৱল অসমতেই নহয় সমগ্ৰ ভাৰবৰ্ষতেই যাৰ নামেই পৰিচয় । ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাস আৰু কু-প্ৰথাৰ বিৰুদ্ধে যুঁজি অহা এইগৰাকী মহিলাই সমগ্ৰ ৰাষ্ট্ৰতেই অসংখ্য বঁটা বুটলিবলৈ সক্ষম হৈছে ৷ পিছে কোন এই সাহসী মহিলা ৷ চাওক এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক প্ৰতিবেদন..

Dr.Birubala Rabha crusader against witch hunting
সতী জয়মতী বঁটা আৰু ছিগনাচাৰ এৱাৰ্ড
author img

By

Published : Mar 8, 2020, 4:10 PM IST

গোৱালপাৰা, 8 মাৰ্চঃ আন্তজাতিক নাৰী দিৱসৰ এই বিশেষ দিনটোত ই টিভি ভাৰতৰ সাংবাদিক উপস্থিত হৈছিল ডঃ বিৰুৱালা ৰাভাৰ ঘৰত । গোৱালপাৰা চহৰৰ পৰা প্ৰায় ৫০ কিল'মিটাৰ নিলগৰ অসম-মেঘালয়ৰ সীমান্তৰ ঠাকুৰ ভিলা গাওঁতেই ড৹ বিৰুৱালা ৰাভাৰ ঘৰ ।

২০০১ চনৰ পৰাই ডাইনী হত্যাৰ দৰে এক অন্ধ বিশ্বাস তথা কু-প্ৰথাৰ বিৰুদ্ধে যুঁজিবলৈ আৰম্ভ কৰা মহিলা গৰাকীৰ আঁৰত আছে নিজৰ জীৱনত সংঘটিত হৈ যোৱা এক কলা অধ্যায় । ডঃ ৰাভাৰ সৰু পুত্ৰ মানসিক ৰোগত আক্ৰান্ত হোৱাৰ পিছতে গাঁওবাসীৰ অন্ধবিশ্বাসৰ বলি হৈ ভুল চিকিৎসাৰ বাবে আজিও শ্বিলঙৰ এখন মানসিক চিকিৎসালয়ত ভৰ্তি হৈ আছে ।

ডাইনী হত্যাৰ দৰে কু-প্ৰথা, অন্ধবিশ্বাসৰ গ্ৰাসত নিমজ্জিত এখন সমাজক পোহৰৰ বাট দেখুৱালৈ ড৹ বিৰুৱালা ৰাভাই আৰম্ভ কৰা এই যাত্ৰা কিন্তু ইমান মসৃন নাছিল ৷ "ডাইনী বুলি আমাৰ সমাজত একো নাই এয়া মাত্ৰ অন্ধবিশ্বাস হে মাত্ৰ" এইষাৰ কথা ৰাইজক বুজাবলৈ যাওঁতে প্ৰথম অৱস্থাত বহু ঠাইত, বহু লোকৰ আক্ৰমণৰ বলিও হ'ব লগা হৈছিল । আনকি ডাইনীৰ বিৰুদ্ধে মাত মাতি অহাৰ বাবে নিজ গাঁওবাসীয়ে তিনি বছৰৰ বাবে এঘৰীয়া কৰি ৰাখিছিল ড৹ বিৰুৱালা ৰাভাৰ পৰিয়ালক ৷

Dr.Birubala Rabha crusader against witch hunting
২০১২ চনত সতী জয়মতী বঁটা আৰু ছিগনাচাৰ এৱাৰ্ড

কিন্তু ইমানৰ পাছতো থকমি ৰ'বলৈ শিকা নাই এইগৰাকী সাহসী মহিলাই ৷ উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্যৰ লগতে উৰিষ্যা, পাঞ্জাৱ, ঝাৰখন্ড, বিহাৰ, মুম্বাই আদি ৰাজ্যতো ডাইনীৰ বিৰুদ্ধে সজাগতা সভাত অংশ গ্ৰহণ কৰি আহিছে ড৹ বিৰুৱালা ৰাভাই । আনকি ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ অব্যাহত ৰখা সংগ্ৰামখনৰ বাবেই চুইজাৰলেণ্ডৰ পৰাও নিমন্ত্ৰণ লাভ কৰিছিল যদিও সময়ত ভিছা নোপোৱাৰ বাবে যাব নোৱাৰিল চুইজাৰলেণ্ডলৈ ৷ সেই সময়ত চৰকাৰ অথবা প্ৰশাসনে গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা ।

২০১০ চনত আই বি এন নেটৱৰ্ক আৰু ৰিলায়েন্সৰ পৰা "ৰিয়েল হিৰো"বঁটা

সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ শিপাৰে সৈতে উভালিবলৈ এইগৰাকী সাহসী নাৰীয়ে চলাই যোৱা নিৰৱিচ্ছিন্ন সংগ্ৰামখনৰ বাবেই ইতিমধ্যে লাভ কৰিছে বহু কেইটা সন্মান ৷ ২০১০ চনত আই বি এন নেটৱৰ্ক আৰু ৰিলায়েন্সৰ পৰা "ৰিয়েল হিৰো" বঁটা, ২০১২ চনত সতী জয়মতী বঁটা আৰু ছিগনাচাৰ এৱাৰ্ডকে ধৰি বহুকেইটা সন্মান লাভ কৰাৰ লগতে ২০১৪ চনত গুৱাহাটীৰ বিশ্ববিদ্যালয়ে তেওঁক প্ৰদান কৰে সন্মানীয় পি এইচ ডিগ্ৰী ।

সংগ্ৰাম আৰু সাহসৰ অন্য এক নাম ড৹ বিৰুৱালা ৰাভা

পিছে সমাজৰ বাবে ইমান ত্যাগ কৰাৰ পাছতো কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা নাই কোনো আৰ্থিক অনুদান ৷ আনকি 70 বছৰ বয়সতো বৃদ্ধ পেঞ্চনৰ বাবে সঘনাই দৌৰিব লগা হৈছে জনতা ভৱনলৈ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.