ETV Bharat / state

GP Singh at Dudhnoi: দুধনৈ আৰক্ষী থানাত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং - Dudhnoi Police Station

দুধনৈ আৰক্ষী থানাত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ জোনালী নাথ হত্যাকাণ্ড সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰ লগত বৈঠক আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ৷

DGP GP Singh Visit Dudhnoi Police Station
জোনালী নাথ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান
author img

By

Published : Jun 14, 2023, 10:13 PM IST

দুধনৈত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

গোৱালপাৰা, 14 জুন: গোৱালপাৰাৰ দুধনৈ আৰক্ষী থানাত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ আইজিপিৰ মন্তব্যকলৈ ক্ষমা প্ৰাৰ্থনা জিপি সিঙৰ ৷ জোনালী নাথ হত্যাকাণ্ড সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰ লগত বৈঠক আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ৷ জোনালী নাথ হত্যাকাণ্ডৰ উচিত তদন্তৰ লগতে পৰিয়ালৰ লোকক ন্যায় দিয়াৰ আশ্বাস বিষয়াগৰাকীৰ ৷

জোনালী নাথৰ হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য ৷ জোনালী নাথৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি বুধবাৰে গোৱালপাৰা জিলাৰ দুধনৈ থানাত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং ৷ থানাত উপস্থিত হৈ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সকলৰ সৈতে এঘণ্টা জোৰা বৈঠকৰ পিছত থানাৰ পৰা পোনে পোনে দুধনৈ আৱৰ্ত ভৱনত উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতা কৰ্মীৰ লগতে নাথ যোগী ছাত্ৰ সন্থাৰ সৈতে হত্যাকাণ্ডৰ বিষয়ে বহু সময় ধৰি আলোচনাত মিলিত হয় ৰাজ্যৰ আৰক্ষী প্ৰধানজন ৷ ইয়াৰ পিছতে সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে জোনালী নাথৰ হত্যাকাণ্ডৰ উচিত তদন্ত কৰা হ’ব ৷ লগতে তেওঁ উল্লেখ কৰে যে, হত্যাকাণ্ডৰ চার্জশ্বিট দুমাহৰ ভিতৰত দাখিল কৰা হ’ব ৷

সংবাদমেলৰ পিছত জোনালী নাথৰ বাসগৃত উপস্থিত হৈ পৰিয়ালৰ লোকক ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷ উল্লেখযোগ্য যে, দেওবাৰে বিজেপি নেত্ৰী জোনালী নাথক হত্যা কৰি কৃষ্ণাই শালপাৰাত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ গৈছিল অভিযুক্ত হত্যাকাৰী হাছানুৰ ইছলামে ৷ ঘটনাৰ 24 ঘণ্টাৰ ভিতৰতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিতে অসম আৰক্ষীৰ চি আইডিৰ আইজিপি দেৱৰাজ উপাধ্যায়ে সংবাদমেল পাতি সংবাদমেলত সদৰী কৰিছিল যে, জোনালী নাথৰ লগত হাছানুৰৰ ইছলামৰ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক চলি আছিল ৷ ইয়াকে লৈ তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাত উক্ত দিনাই হত্যাকাণ্ড সংঘটিতত হোৱা বুলি আইজিপি গৰাকীয়ে সদৰী কৰিছিল ৷ আইজিপি গৰাকীৰ ভাষ্যৰ পিছতে পৰিয়ালৰ লোক ক্ষুণ্ণ হৈ পৰে ৷ জোনালী নাথৰ স্বামী চন্দ্ৰ নাথে আৰক্ষীৰ সাংবাদিকৰ আগত কয় যে, জোনালী নাথক এবাৰ হত্যাকাৰীয়ে হত্যা কৰিলে আৰু অপবাদ দি দ্বিতীয় বাৰৰ কাৰণে হত্যা কৰিলে অসম আৰক্ষীয়ে ৷ চিআইডিৰ অবৈধ প্ৰেম কাহিনীৰ বক্তব্যক নস্যাৎ কৰি পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি চিবিআইৰ তদন্তৰ দাবী জনায় ৷

সংবাদমেলত আইজিপিগৰাকীয়ে সদৰী কৰা বক্তব্যৰ সন্দৰ্ভত পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে ৷ সংবাদমেলত জিপি সিঙে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চিআইডিৰ পৰিৱৰ্তে চিবিআইক হস্তান্তৰ কৰে বুলিও উল্লেখ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.