ETV Bharat / state

Arunodoi scheme scam : অৰুণোদয়ৰ হিতাধিকাৰী বাছনিৰ নামত অনিয়ম

author img

By

Published : Mar 30, 2023, 7:33 PM IST

গোৱালপাৰা পৌৰসভাৰ অধীনত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে (Corruption in Goalpara Municipality)। বিজেপি নেতা তথা পৌৰপতিৰ নেতৃত্বত এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ একাংশ বঞ্চিত লোকৰ । পৌৰসভাৰ প্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ ।

Arunodoi scheme scam
অৰুণোদয়ৰ হিতাধিকাৰী বাছনিৰ নামত অনিয়ম
অৰুণোদয়ৰ হিতাধিকাৰী বাছনিৰ নামত অনিয়ম

গোৱালপাৰা,৩০ মাৰ্চ : অনিয়ম আৰু দুৰ্নীতিৰে ভৰিছে গোৱালপাৰা পৌৰসভা (Corruption in Goalpara Municipality)। এটাৰ পাছত আনটো বিয়াগোম কেলেংকাৰীৰ অভিযোগ উঠিছে পৌৰ সভাৰ বিৰুদ্ধে । আৰ অ' প্লাণ্ট, মল পৰিশোধ প্লাণ্ট আদি আঁচনিৰ কোটি টকীয়া বিত্তীয় অনিয়মৰ তথ্য ফাদিল হোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ দৰিদ্ৰ জনতাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ নামতো ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Corruption in Arunodoi scheme)।

অভিযোগ অনুসৰি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি একাংশ ধনী পৰিয়ালৰ সদস্যৰ নাম অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । স্বজন-তোষণ আৰু একাংশ মধ্যভোগী দালালৰ জৰিয়তে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ বাবেই ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে ।

উল্লেখ্য যে শাসকীয় বিজেপি দলৰ দখলত থকা গোৱালপাৰা পৌৰসভাৰ পৌৰপতি মহানন্দ পাঠকৰ নেতৃত্বত পৌৰসভাত অৰুণোদয়ৰ হিতাধিকাৰী বাছনিৰ নামত ব্যাপক অনিয়মৰ তথ্য পোহৰলৈ আহিছে । গোৱালপাৰা পৌৰসভাই শেহতীয়াকৈ অৰুণোদয় আঁচনিৰ মুঠ ৯৪৫ গৰাকী হিতাধিকাৰীৰ এখন তালিকা প্ৰস্তুত কৰিছে ।

গোৱালপাৰাৰ জিলা উপায়ুক্ত খনীন চৌধুৰীৰ অধ্যক্ষতাত গঠন হোৱা জিলা মনিটৰিং কমিতিয়ে হিতাধিকাৰীৰ তালিকাখনক অনুমোদনো জনাইছে । এই সংক্ৰান্তত যোৱা ২৫ জানুৱাৰীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মনিটৰিং কমিতিৰ এখন সভাও অনুষ্ঠিত হৈছিল । শেহতীয়াকৈ উক্ত হিতাধিকাৰীৰ তালিকাখন এক আৰ টি আইৰ আবেদনৰ ভিত্তিত পোহৰলৈ অহাৰ লগে লগে তালিকাখনত অনিয়মৰ তথ্য ফাদিল হৈছে (Corruption in selection of Arunodoi beneficiaries)।

পৌৰপতি মহানন্দ পাঠকৰ নিজৰে ১৬ নম্বৰ ৱাৰ্ডতেই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে । জানিব পৰা মতে ৱাৰ্ডটোৰ ব্যৱসায়ীৰ পৰিয়ালৰ সদস্যৰ নামো তালিকাত অন্তৰ্ভুক্ত হৈছে । একেদৰে চাৰিচকীয়া বাহন থকা এগৰাকী ব্যক্তিৰ পৰিয়ালৰ সদস্যৰ নামো তালিকাৰ বাবে বাছনি কৰা হৈছে । তাৰ বিপৰীতে পৌৰসভাৰ বহু দৰিদ্ৰ আৰু প্ৰকৃত হিতাধিকাৰীৰ নাম এই তালিকাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে ।

ইফালে এই বিসংগতিপূৰ্ণ তালিকাখনৰ কথা পোহৰলৈ অহাৰ পাছতে পৌৰসভাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বৃহস্পতিবাৰে একাংশ বঞ্চিত হিতাধিকাৰীয়ে এই সন্দৰ্ভত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (Deprived beneficiaries protest in Goalpara)। বিজেপি নেতা তথা পৌৰসভাৰ পৌৰপতি মহানন্দ পাঠকৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল'গান দিয়াৰ লগত তেওঁৰ বিৰুদ্ধে তদন্তৰ দাবী কৰে ।

উল্লেখ্য যে দুৰ্নীতিৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হোৱাৰ সময়তে একাংশ বিজেপি নেতা বিভিন্ন ধৰণৰ কেলেংকাৰীত জড়িত হোৱাৰ তথ্য পোহৰলৈ আহিছে । যাৰ বাবে মুখ্যমন্ত্ৰীক শাসকীয় পক্ষৰ নেতাসকলৰ বিৰুদ্ধেও কঠোৰ হ'বলৈ আহ্বান জনাইছে সাধাৰণ ৰাইজে ।

লগতে পঢ়ক :Spy in APCC: কংগ্ৰেছৰ ভিতৰৰ খবৰ পায় মুখ্যমন্ত্ৰীয়ে; ড৹ শৰ্মাৰ অভিযোগকলৈ সৰব কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.